শতাধিক লোকক কঢ়িয়াই নিয়া পাকিস্তানী বিমান আকাশমাৰ্গতে ভাঙি সৰি পৰিল, কৰাচী বিমানবন্দৰৰ সমীপতে এই দুৰ্ঘটনা

News18 Assam | News18-Assam
Updated:May 22, 2020, 5:00 PM IST
শতাধিক লোকক কঢ়িয়াই নিয়া পাকিস্তানী বিমান আকাশমাৰ্গতে ভাঙি সৰি পৰিল, কৰাচী বিমানবন্দৰৰ সমীপতে এই দুৰ্ঘটনা
পাকিস্তানত সংঘটিত হৈছে এই ভয়ংকৰ বিমান দুৰ্ঘটনা। লাহোৰৰ পৰা কৰাচীলৈ গৈ পাকিস্তান ইণ্টাৰনেচনেল এয়াৰলাইন্সৰ বিমান দুৰ্ঘটনাৰ বলি হৈছে। 

পাকিস্তানত সংঘটিত হৈছে এই ভয়ংকৰ বিমান দুৰ্ঘটনা। লাহোৰৰ পৰা কৰাচীলৈ গৈ পাকিস্তান ইণ্টাৰনেচনেল এয়াৰলাইন্সৰ বিমান দুৰ্ঘটনাৰ বলি হৈছে। 

  • Share this:
নতুন দিল্লীঃ পাকিস্তানত শুকুৰবাৰে এক ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হয়। লাহোৰৰ পৰা কৰাচীলৈ গৈ থকা পাকিস্তান ইণ্টাৰনেচনেল এয়াৰলাইন্স (PIA)ৰ ফ্লাইট কৰাচী বিমানবন্দৰৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত হয়। এই বিমানখনত ৯৮জন যাত্ৰী আছিল।

পাকিস্তানী মিডিয়াৰ ৰিপ’ৰ্ট মতে প্লেনখন কৰাচী এয়াৰপ’ৰ্টৰ পৰা কিছু দূৰৈত জিন্না গাৰ্ডেন এলেকাৰ মডেল কল’নীত ক্ৰেচ হয়। এই এলেকাক মলীৰ বুলিও কোৱা হয়। প্লেন ক্ৰেচ হোৱাৰ ফলত কিছু ভৱনো ক্ষতিগ্ৰস্ত হয়। এই দুৰ্ঘটনাৰ পিছত পাকিস্তানী সেনাৰ এভিয়েশ্যন হেলিকপ্তাৰ লোকচানৰ পৰিমাপ কৰিবলৈ উদ্ধাৰ কাৰ্যৰ কাৰণে নিয়োগ কৰা হয়। এই ভয়ংকৰ দুৰ্ঘটনাৰ কিছু ছবি পোহৰলৈ আহিছে য’ত ঘৰৰ ওপৰৰ পৰা ধোঁৱা ওলাই থকা দেখিবলৈ পোৱা গৈছে।



 

লেণ্ড কৰাৰ ঠিক আগে আগে বিমানখন ভাঙি পৰাৰ কথা প্ৰকাশ হৈছে। বিমানখনত ৯৮জন যাত্ৰীৰ সৈতে ৭জন বিমানকৰ্মীও আছিল। PIA-ৰ PK-8303 বিমানখন লাহোৰৰ পৰা কৰাচীলৈ আহিছিল। কৰাচীৰ বিমানবন্দৰৰ সমীপত জিন্না গাৰ্ডেন অঞ্চলত বিমানখন ভাঙি পৰাৰ তথ্য সম্প্ৰচাৰ জিও নিউজৰ। লেণ্ড কৰাৰ ঠিক আগে আগে এটিচিৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ যায় বিমানখনৰ। ছচিয়েল মিডিয়াত পোহৰলৈ আহিছে বিমান দুৰ্ঘটনাৰ ভিডিও।



প্ৰাৰম্ভিক অনুমানত লেণ্ডিং গিয়েৰৰ বিজুতিৰ কাৰণে এই দুৰ্ঘটনা হোৱাৰ আশংকা কৰা হৈছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading