পাকিস্তানৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰা লোকৰ গাত ধৰা পৰিছে কোৰোণা ভাইৰাছ

News18 Assam | News18-Assam
Updated:April 21, 2020, 1:46 PM IST
পাকিস্তানৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰা লোকৰ গাত ধৰা পৰিছে কোৰোণা ভাইৰাছ
তেওঁ কিছু দিনৰ আগতে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানক পাকিস্তানৰ ৰাজধানী চহৰ ইছলামাবাদত সাক্ষাৎ কৰিছিল।

তেওঁ কিছু দিনৰ আগতে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানক পাকিস্তানৰ ৰাজধানী চহৰ ইছলামাবাদত সাক্ষাৎ কৰিছিল।

  • Share this:
পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানক সাক্ষাৎ কৰা লোকৰ গাত ধৰা পৰিছে কোৰোণা ভাইৰাছ। পাকিস্তানৰ সৰ্ববৃহৎ চেৰিটী গ্ৰুপ ইধি ফাউণ্ডেচনৰ মুৰব্বী ফইচল ইধি আক্রান্ত হৈছে Covid-19ত।

তেওঁ কিছু দিনৰ আগতে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানক পাকিস্তানৰ ৰাজধানী চহৰ ইছলামাবাদত সাক্ষাৎ কৰিছিল। এই সাক্ষাতত তেওঁ প্ৰধানমন্ত্ৰীক PM Corona Relief Fundৰ বাবে ১ কোটি টকাৰ সাহায্যও প্ৰদান কৰিছিল।

উল্লেখযোগ্য যে সমগ্ৰ বিশ্বৰ লগতে পাকিস্তানতো কোৰোণা ভাইৰাছে লৈছে বিভীষিকাৰ ৰূপ। শেহতীয়াকৈ প্ৰকাশ পোৱা খবৰ অনুসৰি, পাকিস্তানত বৃহৎ সংখ্যক লোকক পৰীক্ষা নকৰাকৈয়ে হাস্পতালৰ পৰা ওভতাই পঠিওৱাক লৈ সৃষ্টি হৈছিল আতংকৰ।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading