প্ৰধানমন্ত্ৰীৰ চকীত বহি যুৱতীয়ে বনালে TikTok ভিডিঅ’, চাওক Video

হৰিমৰ এই ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে বিভিন্নজনে সমালোচনা কৰিছে।

News18-Assam
Updated:October 24, 2019, 12:41 PM IST
প্ৰধানমন্ত্ৰীৰ চকীত বহি যুৱতীয়ে বনালে TikTok ভিডিঅ’, চাওক Video
হৰিমৰ এই ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে বিভিন্নজনে সমালোচনা কৰিছে।
News18-Assam
Updated: October 24, 2019, 12:41 PM IST
পুনৰ চৰ্চালৈ আহিছে পাকিস্তানৰ জনপ্ৰিয় ‘টিকটক গাৰ্ল’ হৰিম শ্বাহ। হৰিমৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈছে। ভিডিঅ’টোত হৰিমে পাকিস্তানৰ বিদেশ মন্ত্ৰণালয়ৰ কনফাৰেন্স ৰুমত প্ৰৱেশ কৰা দেখা গৈছে। এই ভিডিঅ’টো শ্বেয়াৰ কৰাৰ পিছতে সমালোচনাৰ সন্মুখীন হৈছে প্ৰধানমন্ত্ৰী ইমৰাণ খান।

‘টিকটক গাৰ্ল’ হৰিমে এই ভিডিঅ’টোত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত থকা পাকিস্তানৰ বিদেশ মন্ত্ৰণালয়ৰ কনফাৰেন্স ৰুমত মুক্তমনে ঘূৰি ফুৰা দেখা গৈছে। কিছু সময় পিছতে হৰিমে এখন চকীত বহা দেখা গৈছে, যিখন চকীত বহে প্ৰধানমন্ত্ৰী ইমৰাণ খান। হৰিমৰ এই ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে বিভিন্নজনে সমালোচনা কৰিছে।


ইফালে, ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে পাকিস্তানৰ সংশ্লিষ্ট কৰ্তৃপক্ষই। ইফালে, হৰিম শ্বাহৰ মতে, তেওঁ অনুমতি লৈহে বিদেশ মন্ত্ৰণালয়ৰ কাৰ্যালয়ত প্ৰৱেশ কৰিছিল। যদি এয়া নীতিবিৰুদ্ধ তেন্তে বিষয়াসকলে তেওঁক ভিডিঅ’ বনোৱাৰ অনুমতি দিব নালাগিছিল।




NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি