ৰাষ্ট্ৰসংঘৰ মজিয়াত আকৌ এবাৰ পাকিস্তানৰ বিৰুদ্ধে সৰৱ হ'ল ভাৰত। সন্ত্ৰাসবাদী সংগঠনক পাকিস্তানে সহায় কৰি অহাৰ অভিযোগ উত্থাপিত কৰিছে ভাৰতবৰ্ষই। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদত সন্ত্ৰাসবাদক লৈ পাকিস্তানৰ ভুমিকাক তীব্ৰ সমালোচনা কৰে ভাৰতে। একে সময়তে, ভাৰতে ৰাজনৈতিক কৰ্মী আৰু সংখ্যালঘুসকলক বলপূৰ্বক নিৰুদ্দেশ কৰা, হত্যা আৰু আটক কৰাৰ ঘটনাৰ কথাও উল্লেখ কৰে।
সকলো ধৰণৰ সন্ত্ৰাসবাদক কঠোৰভাৱে মোকাবিলা কৰা প্ৰয়োজনঃমঙলবাৰে জেনেভাত ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদৰ অধিৱেশনত ভাৰতে কাশ্মীৰ সমস্যা উত্থাপন কৰা আৰু বাৰ্ষিক প্ৰতিবেদনৰ ওপৰত আলোচনা কৰাৰ সময়ত এই কথা উল্লেখ কৰে। ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী অভিযানৰ প্ৰথম সচিব পৱন কুমাৰ বধে কয় এনেদৰে, "সন্ত্ৰাসবাদে মানৱ অধিকাৰক ব্যাপকভাৱে উলংঘা কৰি আহিছে আৰু সকলো ধৰণেৰে কঠোৰভাৱে ইয়াৰ সৈতে মোকাবিলা কৰা প্ৰয়োজন আছে।"
সন্ত্ৰাসবাদক সহায় কৰাৰ বাবে দায়বদ্ধ কৰা হ'বঃতেওঁ লগতে কয়, "পাকিস্তানে তেওঁলোকৰ ৰাষ্ট্ৰীয় নীতি অনুসৰি বিপদজনক আৰু ঘোষিত সন্ত্ৰাসবাদীক আৰ্থিক অনুদান প্ৰদান কৰে আৰু নিজৰ ভূ-খণ্ডত আশ্ৰয় প্ৰদান কৰে।" সন্ত্ৰাসবাদক সহায় আৰু প্ৰচাৰ কৰাৰ বাবে পাকিস্তানক দোষাৰোপ কৰাৰ সময় আহি পৰিছে।
বলপূৰ্বকভাৱে ধৰ্ম পৰিৱৰ্তন কৰোৱা হয়ঃপ্ৰথম সচিব বাধেয়ে কয়, পাকিস্তানত ধৰ্মীয় সংখ্যালঘুসকলৰ নাবালিকাক অপহৰণ, ধৰ্ষণ, বলপূৰ্বক ধৰ্মান্তৰকৰণ আৰু বিবাহৰ ভিন্ন বাতৰি আমি দেখিছো । পাকিস্তানত প্ৰতি বছৰে ধৰ্মীয় সংখ্যালঘুসকলৰ ১ হাজাৰৰো অধিক ছোৱালীক বলপূৰ্বকভাৱে ধৰ্মান্তৰকৰণ কৰা হয়।
আনফালে "খ্ৰীষ্টান, আহমেদিয়া, শিখ, হিন্দুসহ সংখ্যালঘুসকলক বলপূৰ্বক ধৰ্মান্তৰকৰণ আৰু বিবাহ আৰু হত্যা কৰাৰ দৰে প্ৰণালীবদ্ধ অত্যাচাৰ পাকিস্তানত নিয়মীয়া ঘটনা হৈ পৰিছে। পাকিস্তানত ধৰ্মীয় সংখ্যালঘুসকলৰ পবিত্ৰ আৰু প্ৰাচীন স্থানসমূহৰ ওপৰত আক্ৰমণ চলোৱাৰ লগতে ভাঙি দিয়া হৈছে বুলিও অভিযোগ কৰে প্ৰধান সচিবগৰাকীয়ে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|