உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • মাজ যাত্ৰাতে বিমান উৰুৱাবলৈ অসন্মতি প্ৰকাশ পাইলটৰ, ক’লে – মোৰ ডিউটি শেষ, তাৰ পিছত...

    মাজ যাত্ৰাতে বিমান উৰুৱাবলৈ অসন্মতি প্ৰকাশ পাইলটৰ, ক’লে – মোৰ ডিউটি শেষ, তাৰ পিছত...

    পাকিস্তানৰ সংবাদ পত্ৰ দ্য এক্সপ্ৰেছ ট্ৰিবিউনৰ মতে, পিআইএ প্ৰশাসনে কয় যে পিকে–৯৭৫৪ বিমানখনে ছৌদি আৰবৰ ৰাজধানী ৰিয়াদৰ পৰা উৰা মাৰিছিল।

    • Share this:
    পাকিস্তান ইণ্টাৰনেচনেল এয়াৰলাইন্সৰ এখন বিমানত সংঘটিত হ’ল এক আজৱ ঘটনা। নিজৰ ছিফ্ট শেষ হোৱাৰ দোহাই দি মাজ আকাশতে বিমান উৰুৱাবলৈ অসন্মতি প্ৰকাশ কৰে পাইলটে। ইয়াৰ পিছতে হাহাকাৰ লাগে বিমানৰ যাত্ৰীৰ মাজত। তেওঁ কয় যে তেওঁ বিমানৰ পৰা নানামে। কেপ্টেইনে বিমানখন ইছলামাবাদলৈ লৈ যাবলৈ অস্বীকাৰ কৰে আৰু কয় যে তেওঁৰ ডিউটি শেষ হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ এয়াৰপ’ৰ্ট ছিকিউৰিটীৰ সহায় ল’বলগীয়া হয়।

    পাকিস্তানৰ সংবাদ পত্ৰ দ্য এক্সপ্ৰেছ ট্ৰিবিউনৰ মতে, পিআইএ প্ৰশাসনে কয় যে পিকে–৯৭৫৪ বিমানখনে ছৌদি আৰবৰ ৰাজধানী ৰিয়াদৰ পৰা উৰা মাৰিছিল। কিন্তু বেয়া বতৰৰ বাবে দম্মমত অৱতৰণ কৰিবলগীয়া হয়। বিমানৰ কেপ্টেইনে তেতিয়া বিমানখন ইছলামাবাদলৈ নিয়াৰ বাবে অস্বীকাৰ কৰে আৰু কয় যে তেওঁৰ ডিউটি শেষ হৈ গৈছে।

    পিআইএৰ মুখপাত্ৰই কয় যে বিমানৰ নিৰাপত্তাৰ বাবে উৰণর পূৰ্বে পাইলটৰ বাবে উচিত আৰাম কৰা আৱশ্যক। সেইবাবেই এই হিচাপত ব্যৱস্থা কৰা গৈছিল। ইয়াৰ পূৰ্বে পিআইএৰ ফালৰ পৰা ছৌদি আৰবলৈ পোনপটীয়া বিমানৰ ব্যৱস্থা নাছিল। নৱেম্বৰত পিআইএই ঘোষণা কৰিছিল যে তেওঁলোকে ছৌদি আৰৱলৈ বিমানৰ সম্প্ৰসাৰণ কৰিছে।
    Published by:Sanjay Kumar Das
    First published: