உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • Ban! পাকিস্তানত নিষিদ্ধ হ’ল Facebook, WhatsApp, Twitterকে ধৰি কেইবাটাও ছচিয়েল মিডিয়া এপ! কাৰণ এয়া ...

    Ban! পাকিস্তানত নিষিদ্ধ হ’ল Facebook, WhatsApp, Twitterকে ধৰি কেইবাটাও ছচিয়েল মিডিয়া এপ! কাৰণ এয়া ...

    পাকিস্তানত নিষিদ্ধ কৰা হৈছে ছচিয়েল মিডিয়া সেৱা। ইয়াৰ ভিতৰত আছে ফেচবুক, টুইটাৰ, হোৱাটছএপ, ইউটিউব আৰু টেলিগ্ৰাম।

    পাকিস্তানত নিষিদ্ধ কৰা হৈছে ছচিয়েল মিডিয়া সেৱা। ইয়াৰ ভিতৰত আছে ফেচবুক, টুইটাৰ, হোৱাটছএপ, ইউটিউব আৰু টেলিগ্ৰাম।

    পাকিস্তানত নিষিদ্ধ কৰা হৈছে ছচিয়েল মিডিয়া সেৱা। ইয়াৰ ভিতৰত আছে ফেচবুক, টুইটাৰ, হোৱাটছএপ, ইউটিউব আৰু টেলিগ্ৰাম।

    • Share this:
    পাকিস্তানত নিষিদ্ধ কৰা হ'ল ফেচবুক, টুইটাৰ, হোৱাটছএপ, ইউটিউব, টিকটক আৰু টেলিগ্ৰামৰ দৰে ছচিয়েল মিডিয়া প্লেটফৰ্ম (Social Media Platform)। দেশখনত পুৱা ১১ বজাৰ পৰা আবেলি ৩ বজালৈ নিষিদ্ধ কৰা হৈছে এই ছ'চিয়েল মিডিয়া এপসমূহ। শুকুৰবাৰে পাকিস্তানৰ গৃহ মন্ত্ৰণালয়ৰ তৰফৰ পৰ সদৰি কৰা হয় এই তথ্য।

    পাকিস্তানৰ গৃহ মন্ত্ৰণালয়ে কয় যে, পাকিস্তান টেলিকমিউনিকেশ্যন অথৰিটিৰ (PTA) নিৰ্দেশনা অনুসৰিয়েই এই সময়ছোৱাত দেশখনত এই ছচিয়েল মিডিয়া প্লেটফৰ্মসমূহক নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। লগতে দেশখনৰ গৃহ মন্ত্ৰণালয়ে PTAক এই এপসমূহ ব্লক কৰিবলৈও নিৰ্দেশ প্ৰদান কৰিছে । যদিও এই ছচিয়েল মিডিয়া ৱেবছাইট তথা এপসমূহ পুৱা ১১ বজাৰ পৰা আবেলি ৩ বজালৈ ব্লক কৰাৰ নিৰ্দেশ দিয়া হৈছে। কিন্তু কিহৰ বাবে পাকিস্তান চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে,সেয়া এতিয়াও জানিব পৰা যোৱা নাই ।

    লক্ষণীয় দিশটো হ’ল যে, বিগত কেইদিনমানধৰি পাকিস্তানত তেহৰিক-ই-লব্বেক পাকিস্তান (TLP)ৰ দ্বাৰা দেশখনত প্ৰতিবাদ অব্যাহত আছে । সেয়েহে এই তীব্ৰ প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখিয়েই পাকিস্তানত ছ’চিয়েল মিডিয়া ব্যৱহাৰত নিষেধাজ্ঞা প্ৰদান কৰিবলৈ এনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলিয়েই আশা কৰিছে সকলোৱে । পাকিস্তানী টিভি চেনেলসমূহৰ পৰা তেহরিক-ই-লুব্বেকপাকিস্তানৰ প্ৰতিবাদৰ কভাৰেজও ছ'চিয়েল মিডিয়াৰ নিষেধাজ্ঞাৰ পূৰ্বে নিষিদ্ধ কৰা হৈছে।

    কেৱল ছচিয়েল মিডিয়া ব্যৱহাৰত নিষেধাজ্ঞাই আৰোপেই নহয়, পাকিস্তানী টিভি চেনেলসমূহত এই প্ৰতিবাদৰ প্ৰচাৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷
    ড’নৰ এক প্ৰতিবেদন অনুসৰি, পাকিস্তান টেলিকম কৰ্তৃপক্ষৰ অধ্যক্ষই কয় যে, তেওঁক বিষয়টোৰ ওপৰত তাৎক্ষণিক ব্যৱস্থা ল'বলৈ কোৱা হৈছে ।

    উল্লেখ্য যে, পাকিস্তানত ফ্ৰান্সৰ বিৰুদ্ধে বহুতো ধৰ্মীয় সংগঠনে অব্যাহত ৰাখিছে প্ৰতিবাদ । ফ্ৰান্সত পেংগম্বৰ মুহাম্মাদৰ কাৰ্টুন নিৰ্মাণক লৈ ক্ষোভ প্ৰকাশ কৰি প্ৰতিবাদ অব্যাহত ৰাখিছে পাকিস্তানৰ বহু ধৰ্মীয় সংগঠনে ৷ ইয়াৰ ভিতৰত আছে তেহৰিক-ই-লব্বেক পাকিস্তান (TLP)ও, যিবোৰ পাকিস্তানত নিষিদ্ধ কৰা হৈছে ।
    Published by:Himangshu Bhuyan
    First published: