শ্ৰীলংকাৰ অৰ্থনৈতিক সংকট এতিয়াও শেষ হোৱা নাই। এনে সময়তে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তান সম্পূৰ্ণ দেউলীয়া হোৱাৰ সন্মুখীন হৈছে (Major economic crisis in Pakistan)। পাকিস্তানত পেট্ৰ’ল প্ৰতি লিটাৰত ২৬০ টকা, প্ৰতি কেজি পিঁয়াজত ৩২০ টকা। বৰ্তমান মানুহে এসাঁজ খাই আছে। বন্ধ হোৱাৰ উপক্ৰম হৈছে পাকিস্তান ক্ৰিকেট লীগ।
পাকিস্তানৰ জনপ্ৰিয় দৈনিক কাকত দ্য ডনে প্ৰকাশ কৰা অনুসৰি, যোৱা বছৰৰ ডিচেম্বৰ মাহত দেশখনৰ বৈদেশিক মুদ্ৰা মজুত আছিল ৩.৬ বিলিয়ন ডলাৰ, যিটো আঠ বছৰৰ ভিতৰত সৰ্বনিম্ন।
কোৱা হয় যে এই ৰিজাৰ্ভৰ দ্বাৰা আমদানি ব্যয় এসপ্তাহৰ পৰা দুসপ্তাহলৈকে পূৰণ কৰিব পৰা যাব। ইফালে ডিচেম্বৰ মাহত পাকিস্তানৰ মুদ্ৰাস্ফীতিৰ হাৰ ২৪.৫ শতাংশ। ফলত পাকিস্তানে আই এম এফৰ সকলো চৰ্ত মানি ল’ব নে নলয় সেই লৈ পুনৰ বিতৰ্ক আৰম্ভ হৈছে।
এতিয়া সামৰিক বাহিনী ক্ষমতাত নাই, কিন্তু পিছফালৰ পৰা ক্ষমতাৰ লিভাৰ জোকাৰিছে। এই সকলোবোৰৰ সমন্বিত ফল হৈছে অৰ্থনৈতিক সংকট। পাকিস্তানৰ ষ্টেট বেংকৰ তথ্য অনুসৰি ডিচেম্বৰ মাহত দেশখনৰ বৈদেশিক মুদ্ৰাৰ মজুত ২ কোটি ৯৪ লাখ ডলাৰ হ্ৰাস পাই ৩৬ কোটি ডলাৰ হৈছে।
মুকলি বজাৰত প্ৰতি ডলাৰৰ বিনিময় হাৰ ২৬০ৰ পৰা ২৭০ টকা। দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানে আই এম এফৰ ঋণ লোৱাৰ সদায় বিৰোধিতা কৰি আহিছে। ক্ষমতাত থকাৰ সময়ত তেওঁ আই এম এফৰ চৰ্ত মানি ৰাজসাহায্য হ্ৰাস কৰিব বিচৰা নাছিল।
তেওঁ ক্ষমতা ত্যাগ কৰাৰ পিছত দেশৰ নতুন চৰকাৰে আই এম এফৰ চৰ্তত ইন্ধনৰ মূল্য বৃদ্ধি কৰি শেষত আই এম এফৰ ১১ বিলিয়ন ডলাৰৰ ঋণ লাভ কৰে। অৰ্থনৈতিক সংকটৰ বাবে বন্ধ হৈ পৰিছে পাকিস্তানৰ উদ্যোগ। এনে পৰিস্থিতিত আই এম এফৰ ঋণ লোৱা নহ’লে পাকিস্তান দেউলীয়া হ’ব৷
দেশৰ শ্ৰমিকৰ মাজত কাম নোপোৱাকৈয়ে বহু লোক ভিখাৰী হৈ পৰিছে, পশ্চিমীয়া দেশৰ কেইবাটাও সংবাদ মাধ্যমে এনে ভয়ংকৰ কথা প্ৰকাশ কৰিছে। এই পৰিস্থিতিৰ সমাধানৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা হৈছে। কিন্তু দুৰ্যোগ ৰোধ কৰিব পৰা যাবনে? অৰ্থনীতিবিদৰ এটা দলে ইয়াক লৈ প্ৰশ্ন উত্থাপন কৰিছে। ইফালে আই এম এফৰ দলটো পাকিস্তানত উপস্থিত হয়। অহা ৯ তাৰিখলৈকে বিভিন্ন বিষয় চোৱাৰ কথা আছে বুলি জানিব পৰা গৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|