পাকিস্তান (Pakistan)ৰ সকলো প্ৰধানমন্ত্ৰীৰ দৰেই নৱ নিৰ্বাচিত প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে (Shahbaz Sharif)ও নেচনেল এছেম্বলীত নিজৰ প্ৰথমটো ভাষণতে কাশ্মীৰ প্ৰসংগ (Kashmir Issue)ৰ ৰাগ টানিলে। শ্বৰীফে কয় যে পাকিস্তানে ভাৰতৰ সৈতে ভাল সম্পৰ্ক বিচাৰে, কিন্তু লগতে এইটোও কয় যে কাশ্মীৰ সমস্যাৰ সমাধান অবিহনে শান্তি সম্ভৱ নহয়।
কাশ্মীৰৰ পৰা Article 370 প্ৰত্যাহাৰৰ প্ৰসংগতো মন্তব্য কৰে শ্বাহবাজ শ্বৰীফে। তেওঁ ভাষণত কয় যে এই ক্ষেত্ৰত কাশ্মীৰী ভাই-ভনীসকলক সহায় কৰিবলৈ পাকিস্তান সদায় প্ৰস্তুত হৈ আছে। পাকিস্তানে কূটনৈতিক আৰু নৈতিক সমৰ্থন দিব বুলি কয় শ্বৰীফে।
শ্বাহবাজ শ্বৰীফে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Narendra Modi)ক কাশ্মীৰ সমস্যা সমাধান কৰি ভাৰত-পাকিস্তানৰ নতুন প্ৰজন্মক নিয়োগ আৰু সুখ-সমৃদ্ধিৰ জীৱন প্ৰদানৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়।
Published by: Manjumoni Borah
FIRST PUBLISHED : April 12, 2022, 00:24 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।