সন্ত্ৰাসবাদীক লালন–পালন কৰা পাকিস্তান হ’ব পাৰে ব্লেকলিষ্টেড! আজি সিদ্ধান্ত ল’ব FATF–এ

বৰ্তমান গ্ৰে’ লিষ্টত আছে পাকিস্তান। FATFৰ মতে সন্ত্ৰাসবাদীৰ পুঁজিৰ যোগান ৰোধত ব্যৰ্থ হৈছে পাকিস্তান।

News18-Assam
Updated:October 18, 2019, 11:33 AM IST
সন্ত্ৰাসবাদীক লালন–পালন কৰা পাকিস্তান হ’ব পাৰে ব্লেকলিষ্টেড! আজি সিদ্ধান্ত ল’ব FATF–এ
বৰ্তমান গ্ৰে’ লিষ্টত আছে পাকিস্তান। FATFৰ মতে সন্ত্ৰাসবাদীৰ পুঁজিৰ যোগান ৰোধত ব্যৰ্থ হৈছে পাকিস্তান।
News18-Assam
Updated: October 18, 2019, 11:33 AM IST
সন্ত্ৰাসবাদ আৰু অবৈধ ধন সৰবৰাহৰ ওপৰত নজৰ ৰখা আন্তঃৰাষ্ট্ৰীয় সংস্থা ফাইনেঞ্চিয়েল একচন টাস্ক ফ’ৰ্চে আজি পাকিস্তানক ব্লেক লিষ্টেড ঘোষণা কৰাৰ সম্ভাৱনা আছে। সন্ত্ৰাসবাদীক নিজৰ ভূমিত লালন-পালন কৰা আৰু পুঁজি যোগান ধৰাৰ পৰিণাম ভূগিব পাৰে পাকিস্তানে।

বৰ্তমান গ্ৰে’ লিষ্টত আছে পাকিস্তান। FATFৰ মতে সন্ত্ৰাসবাদীৰ পুঁজিৰ যোগান ৰোধত ব্যৰ্থ হৈছে পাকিস্তান। FATFৰ ৩৯ সদস্য দেশে পাকিস্তানক ব্লেকলিষ্টেড কৰাৰ সিদ্ধান্ত ল’ব। চলিত বৰ্ষৰ জুন মাহত চীন, তুৰস্ক আৰু মালয়েছিয়াই পাকিস্তানক ব্লেকলিষ্টেড কৰাৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছিল। বিগত মাহত ৰাষ্ট্ৰসংঘটো এই ৩খন দেশে সমৰ্থন কৰিছিল পাকিস্তানক।

এইক্ষেত্ৰত এই ৩খন দেশে পাকিস্তানক ব্লেকলিষ্টেড হোৱাৰ পৰা ৰক্ষা কৰাৰ সম্ভাৱনা আছে। ব্লেকলিষ্টেড হোৱাৰ পৰা বাচিলেও এয়া পাকিস্তানৰ বাবে হ’ব কঠোৰ সকীয়নি। ব্লেকলিষ্টেড নহ’লেও পাকিস্তানক ডাৰ্ক গ্ৰে’ৰ তালিকাত অন্তৰ্ভুক্ত কৰা হ’ব পাৰে। অৰ্থাত্‍ আত্মশুদ্ধিৰ বাবে এয়া হ’ব পাকিস্তানৰ বাবে অন্তিম সকীয়নি।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি