পাকিস্তানী মৌলানাৰ মতে, কোৰোণা ভাইৰাছ হ’ল মুছলমানৰ বিৰুদ্ধে এক ষড়যন্ত্ৰ, ক’লে- নাযাব চিকিত্‍সালয়লৈ

News18 Assam | News18-Assam
Updated:June 5, 2020, 11:02 AM IST
পাকিস্তানী মৌলানাৰ মতে, কোৰোণা ভাইৰাছ হ’ল মুছলমানৰ বিৰুদ্ধে এক ষড়যন্ত্ৰ, ক’লে- নাযাব চিকিত্‍সালয়লৈ
পাকিস্তানী মৌলানা কৌকব নুৰাণীয়ে কোৰোণা ভাইৰাছক মুছলমানৰ বিৰুদ্ধে এক ষড়যন্ত্ৰ বুলি মন্তব্য কৰিছে। এতিয়া নুৰাণীৰ মন্তব্যই ব্যাপক চৰ্চা লাভ কৰিছে ছচিয়েল মিডিয়াত।

পাকিস্তানী মৌলানা কৌকব নুৰাণীয়ে কোৰোণা ভাইৰাছক মুছলমানৰ বিৰুদ্ধে এক ষড়যন্ত্ৰ বুলি মন্তব্য কৰিছে। এতিয়া নুৰাণীৰ মন্তব্যই ব্যাপক চৰ্চা লাভ কৰিছে ছচিয়েল মিডিয়াত।

  • Share this:
পাকিস্তানটো অব্যাহত আছে কোৰোণাৰ সংহাৰ। দেশখনত এতিয়ালৈকে ৮৫ হাজাৰতকৈ অধিক কোৰোণা পজিটিভ কেচ পোহৰলৈ আহিছে। এতিয়ালৈকে পাকিস্তানত কোৰোণাত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে প্ৰায় ১৮ শ লোক। কিন্তু তাৰ মাজতে পাকিস্তানী মৌলানা কৌকব নুৰাণীয়ে কোৰোণা ভাইৰাছক মুছলমানৰ বিৰুদ্ধে এক ষড়যন্ত্ৰ বুলি মন্তব্য কৰিছে। এতিয়া নুৰাণীৰ মন্তব্যই ব্যাপক চৰ্চা লাভ কৰিছে ছচিয়েল মিডিয়াত। আনকি নুৰাণীয়ে দেশখনক জনতাক চিকিত্‍সালয়লৈ নাযাবলৈও অনুৰোধ জনাইছে।



মৌলানাই কয় যে, ‘ইহুদিয়ে উলিয়াইছে কোৰোণা ভাইৰাছ। আৰু এতিয়া তেওঁলোকেই ভেকচিন বনাইছে।’ তেওঁ লগতে কয় যে, ‘কোৰোণা ভাইৰাছৰ ভেকচিনত এনে এক পদাৰ্থ মিহলি কৰা হৈছে যি কণ্ট্ৰল কৰিব মুছলামানক। গতিকে কোনো কাৰণতে চিকিত্‍সালয়লৈ যাব নালাগে মুছলমান সকল।
First published: June 5, 2020, 10:58 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading