পাকিস্তান দল ভয়াতুৰ,ছৰফৰাজ মগজুহীন! কিয় ক’লে ছোৱেইব আখতাৰে

২০১৯ৰ বিশ্বকাপত পাকিস্তানে ছেমিফাইনেল খেলাৰ আশা একেবাৰেই ক্ষীণ। এতিয়া ছৰফৰাজ আহমেদৰ নেতৃত্বাধীন পাকিস্তানী দলক উদ্দেশ্যি তীৰ্যক মন্তব্য পাকিস্তানৰ প্ৰাক্তন খেলুৱৈৰ

news18assam
Updated:July 4, 2019, 5:02 PM IST
পাকিস্তান দল ভয়াতুৰ,ছৰফৰাজ মগজুহীন! কিয় ক’লে ছোৱেইব আখতাৰে
২০১৯ৰ বিশ্বকাপত পাকিস্তানে ছেমিফাইনেল খেলাৰ আশা একেবাৰেই ক্ষীণ। এতিয়া ছৰফৰাজ আহমেদৰ নেতৃত্বাধীন পাকিস্তানী দলক উদ্দেশ্যি তীৰ্যক মন্তব্য পাকিস্তানৰ প্ৰাক্তন খেলুৱৈৰ
news18assam
Updated: July 4, 2019, 5:02 PM IST
বিশ্বকাপত পাকিস্তানে আগবঢ়োৱা দুৰ্বল প্ৰদৰ্শনৰ বাবে এতিয়া দলটোৱে ছেমি ফাইনেল খেলাৰ আশা একেবাৰেই ক্ষীণ। বুধবাৰে ইংলেণ্ডেৰ হাতত নিউজীলেণ্ড বিশাল ব্যৱধানত পৰাস্ত হোৱাৰ পিছতে এতিয়া নিৰাশ প্ৰতিজন পাকিস্তানী ক্ৰিকেট অনুৰাগী। সেইসময়তে এতিয়া দলটোৰ বহুকইজন প্ৰাক্তন খেলুৱৈয়ে সমালোচনাৰে থকা সৰকা কৰিছে ছৰফৰাজ আহমেদৰ নেতৃত্বাধীন দলটোক। পাকিস্তানৰ প্ৰাক্তন পেচ বলাৰ ‘ৰাৱলপিণ্ডি এক্সপ্ৰেছ’ খ্যাত ছোৱেইব আখতাৰে ছৰফৰাজৰ দলটোক ভয়াতুৰ আখ্যা দিছে। আখতাৰে কয় যে ‘ আমি এনেধৰণৰ দুৰ্বল আৰু ভয়াতুৰ দল এটা লৈ ইয়াতকৈ আৰু আগবাঢ়িব নোৱাৰো। আমাক এতিয়া এটা শক্তিশালী  দলৰ প্ৰয়োজন যি আগৰ পাকিস্তানৰ দলৰ দৰে প্ৰদৰ্শন আগবঢ়াব পাৰে।

ভাৰতৰ বিৰুদ্ধে পৰাস্ত হোৱাৰ পিছত ছৰফৰাজক মুৰ্খ আখ্যা দিছিল আখতাৰে

এইবাৰেই প্ৰথম নহয়, এনেদৰে সময়ে সময়ে আখতাৰে তীব্ৰ সমালোচনা কৰি আহিছে পাকিস্তানৰ অধিনায়ক ছৰফৰাজ আহমেদক। ছৰফৰাজক মুৰ্খ, মগজুহীন বুলিও মন্তব্য কৰিছে আখতাৰে।

ছোৱেইব আখতাৰে কয় যে, ‘আমাৰ দলীয় মেনেজমেণ্ট মু্ৰ্খ, আমাৰ দলৰ অধিনায়ক মেনেজমেণ্টৰ সন্মুখত ভিজা মেকুৰী। তেওঁ একো কথাই বুজি নাপায়। দশম শ্ৰেণীত পঢ়ি থকা ছাত্ৰৰ দৰে ছৰফৰাজে মেনেজমেণ্টৰ আঙুলীত ধৰি নাচি আছে।

 
আৰু চাওক পৰৱৰ্তী বাতৰি