মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »ভাৰতৰ অৰ্থ ব্যৱস্থা দুৰ্বল কৰাৰ ষড়যন্ত্ৰ, পাকিস্তানত ছপা কৰা হৈছে ২০০০ টকাৰ নকল নোট

ভাৰতৰ অৰ্থ ব্যৱস্থা দুৰ্বল কৰাৰ ষড়যন্ত্ৰ, পাকিস্তানত ছপা কৰা হৈছে ২০০০ টকাৰ নকল নোট

Source-Google

Source-Google

এইবাৰ ভাৰতীয় অৰ্থনীতিত চকু পাকিস্তানৰ!

  • Share this:
    এইবাৰ ভাৰতীয় অৰ্থ ব্যৱস্থা দুৰ্বল কৰাৰ ষড়যন্ত্ৰ পাকিস্তানৰ এটা দুষ্ট চক্ৰৰ। পাকিস্তানত এতিয়া ছপা কৰা হৈছে নকল দুহেজাৰ টকাৰ নোট। ইতিমধ্যে ভাৰতৰ বিভিন্ন প্ৰান্তত জব্দ কৰা হৈছে  নকল ২০০০ টকাৰ নোট। পিছত অনুসন্ধানত পোহৰলৈ আহিছে এই ভয়ংকৰ ষড়যন্ত্ৰৰ কথা।

    পাকিস্তানৰ এটা দুষ্ট চক্ৰই এতিয়া অহৰহ চেষ্টা চলাইছে ভাৰতৰ অৰ্থনীতি দুৰ্বল কৰাৰ। বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছে যে, পাকিস্তান চৰকাৰেও পৰোক্ষ ভাবে সহায় কৰিছে নকল টকা নিৰ্মাণ কৰা চক্ৰটোক!

    তাত্‍পৰ্যপূৰ্ণ কথাটো হ’ল যে, পাকিস্তানৰ ছিকিউৰিটী প্ৰেছত ছপা কৰা ২০০০টকাৰ নকল নোট আৰু ভাৰতীয় ২০০০ টকাৰ নোটৰ মাজত দিল্লী আৰক্ষী আৰু নিৰাপত্তা এজেন্সী সমূহেও এতিয়া পাৰ্থক্য বিচাৰি পোৱা নাই!

    শেহতীয়া বাতৰি