মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »''পাকিস্তান বিশ্বৰ বাবে বিপজ্জনক''- পাকিস্তানক বয়কটৰ আহ্বান বেলজিয়ামৰ সাংসদৰ

''পাকিস্তান বিশ্বৰ বাবে বিপজ্জনক''- পাকিস্তানক বয়কটৰ আহ্বান বেলজিয়ামৰ সাংসদৰ

ডেৱিণ্টাৰে কয় যে পাকিস্তানে দীৰ্ঘদিন ধৰি আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ সম্প্ৰসাৰণত সহায় কৰি আহিছে।

ডেৱিণ্টাৰে কয় যে পাকিস্তানে দীৰ্ঘদিন ধৰি আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ সম্প্ৰসাৰণত সহায় কৰি আহিছে।

  • Share this:

সন্ত্ৰাসবাদ আৰু পাকিস্তান। এই বিষয়ক লৈ বিশ্ব সম্প্ৰদায়ৰ মাজতো আছে প্ৰশ্ন। সন্ত্ৰাসবাদৰ প্ৰতি পাকিস্তানৰ সমৰ্থন এতিয়া কাৰো পৰাই লুকাই থকা নাই। পাকিস্তানে তালিবানক পূৰ্ণ সমৰ্থন দি এয়া প্ৰমাণো কৰিছে। কিন্তু এই কাৰ্যৰ ফলত এতিয়া পাকিস্তান আন্তৰ্জাতিক সমালোচনাৰ সন্মুখীন হ'ব লগা হৈছে।


শেহতীয়াকৈ উত্তৰ ইউৰোপীয় দেশ বেলজিয়ামে পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদক লৈ উদ্বেগ প্ৰকাশ কৰিছে। এক অনুষ্ঠানত অংশগ্ৰহণ কৰা বেলজিয়ামৰ সাংসদ ফিলিপ ডেৱিণ্টাৰে পাকিস্তানৰ কাৰ্যকলাপক লৈ উদ্বেগ প্ৰকাশ কৰি ইয়াক সন্ত্ৰাসবাদী দেশ বুলি অভিহিত কৰিছে। তেওঁ কয় যে বেলজিয়ামৰ পাকিস্তানৰ সৈতে কোনো সম্পৰ্ক থাকিব নালাগে, যিয়ে সন্ত্ৰাসবাদীক সমৰ্থন কৰে। তালিবানৰ দৰে পাকিস্তানো বিশ্বৰ বাবে এক ভাবুকি।


ডেৱিণ্টাৰে কয় যে পাকিস্তানে দীৰ্ঘদিন ধৰি আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ সম্প্ৰসাৰণত সহায় কৰি আহিছে। সেয়েহে, বিশ্বৰ বিভিন্ন দেশে একত্ৰিত হৈ পাকিস্তানক বৰ্জন কৰা উচিত। ডেৱিণ্টাৰে ইউৰোপীয় ইউনিয়নৰ ৰাজনৈতিক প্ৰতিবেদনৰ উদ্ধৃতি দি কৈছিল যে পাকিস্তানে অঞ্চল অশান্ত কৰিবলৈ চেষ্টা কৰি আছে।


তেওঁ আৰু কয় যে পাকিস্তানৰ সেনাই আফগানিস্তানত তালিবানক সহায় কৰিছে। এইটোৱে পৃথিৱীৰ বাবে এটা ডাঙৰ সংকটৰ সৃষ্টি কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্যই আফগানিস্তান এৰি যোৱাৰ পিছত ইউৰোপৰ পৰা ছিৰিয়ালৈ ভ্ৰমণ কৰা উগ্ৰপন্থী মুছলমানৰ সংখ্যা বৃদ্ধি পাব পাৰে। ই আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ আৰু বৃদ্ধি কৰিব।

শেহতীয়া বাতৰি