এইকাৰণে মোদীৰ সলনি কৰতাৰপুৰ কৰিডৰৰ উদ্বোধনীলৈ ডঃ মনমোহন সিঙক নিমন্ত্ৰণ পাকিস্তানৰ

কৰতাৰপুৰ কৰিডৰ শিখসকলৰ আটাইতকৈ পবিত্ৰ স্থানসমূহৰ ভিতৰত অন্যতম। ইয়াত শিখসকলৰ প্ৰথম গুৰু গুৰুনানকৰ নিৱাস আছিল। 

News18-Assam
Updated:September 30, 2019, 6:42 PM IST
এইকাৰণে মোদীৰ সলনি কৰতাৰপুৰ কৰিডৰৰ উদ্বোধনীলৈ ডঃ মনমোহন সিঙক নিমন্ত্ৰণ পাকিস্তানৰ
কৰতাৰপুৰ কৰিডৰ শিখসকলৰ আটাইতকৈ পবিত্ৰ স্থানসমূহৰ ভিতৰত অন্যতম। ইয়াত শিখসকলৰ প্ৰথম গুৰু গুৰুনানকৰ নিৱাস আছিল। 
News18-Assam
Updated: September 30, 2019, 6:42 PM IST
পাকিস্তানে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক কৰতাৰপুৰ কৰিডৰৰ উদ্ঘাটন সমাৰোহলৈ নিমন্ত্ৰণ জনাইছে। এই কাৰ্যসূচী ৯নৱেম্বৰত অনুষ্ঠিত হোৱাৰ কথা। অৱশ্যে পাকিস্তানৰ নিমন্ত্ৰণ ডঃ মনমোহন সিঙে ৰক্ষা নকৰে বুলি কংগ্ৰেছ সূত্ৰই প্ৰকাশ কৰিছে।

ANIৰ মতে পাকিস্তানৰ বিদেশ মন্ত্ৰী শ্বাহ মহম্মদ কুৰেশ্বিয়ে কয়, আমি প্ৰাক্তন ভাৰতীয় প্ৰধানমন্ত্ৰী মনমোহন সিঙক কৰতাৰপুৰ কৰিডৰৰ উদ্ঘাটনৰ কাৰণে নিমন্ত্ৰণ কৰিব বিচাৰিছো। তেওঁ শিখসকলক প্ৰতিনিধিত্বও কৰে। তেওঁলৈ আমি আনুষ্ঠানিক নিমন্ত্ৰণ পঠিয়াম।

কৰতাৰপুৰ কৰিডৰ কি?

কৰতাৰপুৰ কৰিডৰ শিখসকলৰ কাৰণে পবিত্ৰ ঠাইসমূহৰ অন্যতম। গুৰু নানকে নিজৰ জীৱনৰ অন্তিম ১৭বছৰ ৫মাহ ৯দিন ইয়াতে কটাইছিল। তেওঁৰ পৰিয়ালো আহি ইয়াতে নিগাজী হৈছিল। পিতা–মাতা আৰু তেওঁৰো দেহাৱসান ইয়াতে হৈছিল। এইকাৰণে শিখসকলৰ কাৰণে এই ঠাই অতি পবিত্ৰ।

দূৰবীণৰ দ্বাৰাহে দৰ্শন

ভাৰতৰ সীমাৰ পৰা শ্ৰদ্ধালুসকলে সীমাত থিয় হৈ ইয়াৰ দৰ্শন কৰে। মে’ ২০১৭ত আমেৰিকা স্থিত এটা এনজিঅ’ ইক’শিখে গুৰুদ্বাৰাৰ সমীপৰ ১০০একৰ মাটিত অৰণ্য গঢ়ি তোলাৰো প্ৰস্তাৱ দিয়ে। পাটিয়ালাৰ মহাৰাজাই আগবঢ়োৱা অনুদানৰ সহায়ত গুৰুদ্বাৰাৰ বৰ্তমান বিল্ডিঙটো প্ৰায় ১,৩৫,৬০০টকাৰে নিৰ্মান কৰা হয়। এই ধন পাটিয়ালাৰ মহাৰাজ চৰদাৰ ভূপিন্দৰ সিঙৰ তৰফৰ পৰা দান স্বৰূপে আগবঢ়োৱা হৈছিল।

যোৱাবছৰ কৰতাৰপুৰ কৰিডৰ চৰ্চালৈ আহিছিল যেতিয়া শিখ শ্ৰদ্ধালুসকলৰ কাৰণে ইয়াৰ বাট নিৰ্মাণ কৰা হৈছিল। শিখসকলে যাতে এই গুৰুদ্বাৰালৈ যাত্ৰা কৰিব পাৰে তাৰ ব্যৱস্থা কৰা হৈছিল।

পাকিস্তানৰ মতে প্ৰতিদিন ভাৰতৰ পৰা ৫,০০০ শিখ তীৰ্থযাত্ৰীৰ আগমনৰ কাৰণে প্ৰায় ৭৬টা কেন্দ্ৰ স্থাপন কৰা হৈছে আৰু প্ৰতিদিনে ইয়ালৈ আহিবলগীয়া ১০,০০০ তীৰ্থযাত্ৰীৰ কাৰণে ১৫২টা কেন্দ্ৰ স্থাপন কৰা হ’ব।
আৰু চাওক পৰৱৰ্তী বাতৰি