টয়লেট বুলি ভাবি পাকিস্তানী মহিলাই খুলি দিলে বিমানৰ ইমাৰজেঞ্চী দুৱাৰ

পাকিস্তানৰ ৰাষ্ট্ৰীয় বিমান কোম্পানীয়ে ক’লে যে শনিবাৰে বিমানখন তড়কে মেনচেষ্টাৰ বিমানবন্দৰত ৰৈ আছিল। সেইসময়তে এগৰাকী মহিলাই যাত্ৰীয়ে টিপি দিলে বুটাম, লগে লগে খুলি গ’ল ইমাৰজেঞ্চী দুৱাৰ।

Dulu Medhi | news18assam
Updated:June 9, 2019, 6:25 PM IST
টয়লেট বুলি ভাবি পাকিস্তানী মহিলাই খুলি দিলে বিমানৰ ইমাৰজেঞ্চী দুৱাৰ
পাকিস্তানৰ ৰাষ্ট্ৰীয় বিমান কোম্পানীয়ে ক’লে যে শনিবাৰে বিমানখন তড়কে মেনচেষ্টাৰ বিমানবন্দৰত ৰৈ আছিল। সেইসময়তে এগৰাকী মহিলাই যাত্ৰীয়ে টিপি দিলে বুটাম, লগে লগে খুলি গ’ল ইমাৰজেঞ্চী দুৱাৰ।
Dulu Medhi | news18assam
Updated: June 9, 2019, 6:25 PM IST
পাকিস্তান ইণ্টাৰনেশ্যনেল এয়াৰলাইঞ্চ(PIA)ৰ বিমানৰ এগৰাকী মহিলা যাত্ৰীয়ে টয়লেট বুলি ভাবি ভুলতে ইমাৰজেঞ্চী দুৱাৰ খুলি দিয়াৰ পিছত হুলস্থুল পৰিৱেশৰ সৃষ্টি হয়।

পাকিস্তানৰ ৰাষ্ট্ৰীয় বিমান কোম্পানীয়ে ক’লে যে শনিবাৰে বিমানখন তড়কে মেনচেষ্টাৰ বিমানবন্দৰত ৰৈ আছিল। সেইসময়তে এগৰাকী মহিলাই যাত্ৰীয়ে টিপি দিলে বুটাম, লগে লগে খুলি গ’ল ইমাৰজেঞ্চী দুৱাৰ।

PIAৰ এজন প্ৰবক্তাই জনোৱা মতে, PIAৰ মেনচেষ্টাৰ পিকে ৭০২ বিমানখন ৭ ঘণ্টা বিলম্ব হৈছিল। বিলম্ব হোৱা বিমানখনৰ আপাতকালীন দুৱাৰ খুলি দিয়ে এগৰাকী মহিলাই, লগে লগে ইমাৰজেঞ্চী শ্ল’প সক্ৰিয় হৈ উঠে।’

ঘটনাৰ পিছতে ষ্টেণ্ডডাৰ্ড অপাৰেচন প্ৰচেছৰ(Standard operation processor)ৰ আধাৰত প্ৰায় ৪০ গৰাকী যাত্ৰীক তেওঁলোকৰ লাগেজৰ সৈতে বিমানৰ পৰা নমাই দিয়ে।

PIA–এ ক’লে যে যাত্ৰীসকলক পৰিবহণ আৰু হোটেলত থকা–মেলাৰ ব্যৱস্থা কৰি দিয়ে আৰু পিছত তেওঁলোকক অন্য এখন বিমানেৰে পঠোৱা হ’ল। PIAৰ মুখ্য কাৰ্যকৰী এয়াৰ মাৰ্ছল অৰশদ মালিকে ঘটনা সন্দৰ্ভত তদন্তৰ আদেশ প্ৰদান কৰে।

 
আৰু চাওক পৰৱৰ্তী বাতৰি