உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • আইনাত দেখা নাযায় ইমৰাণ খানৰ পত্নী বুশ্বৰাৰ প্ৰতিচ্ছবি : পাকিস্তানৰ প্ৰধানমন্ত্ৰী আবাসৰ কৰ্মচাৰীৰ দাবী

    আইনাত দেখা নাযায় ইমৰাণ খানৰ পত্নী বুশ্বৰাৰ প্ৰতিচ্ছবি : পাকিস্তানৰ প্ৰধানমন্ত্ৰী আবাসৰ কৰ্মচাৰীৰ দাবী

    উল্লেখযোগ্য যে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ তৃতীয়া পত্নী আধ্যাত্মিক গুৰু। বুশ্বৰাৰ একাংশ ভক্তই বিশ্বাস কৰে যে তেওঁ আধ্যাত্মিক শক্তিৰ অধিকাৰী।

    • Share this:
      পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ পত্নী বুশ্বৰা বিবিৰ প্ৰতিচ্ছবি দেখা নাযায় আইনাত। এই দাবী প্ৰধানমন্ত্ৰী আবাসত নিয়োজিত এজন কৰ্মচাৰীৰ। সংবাদ প্ৰতিষ্ঠান এ এন আইত পাকিস্তানৰ কেপিটেল টিভিত খাতুন–এ–অৱল (প্ৰথম মহিলা)ক লৈ এই চাঞ্চল্যকৰ দাবী সন্দৰ্ভত প্ৰতিবেদন প্ৰকাশ পাইছে।

      উল্লেখযোগ্য যে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ তৃতীয়া পত্নী আধ্যাত্মিক গুৰু। বুশ্বৰাৰ একাংশ ভক্তই বিশ্বাস কৰে যে তেওঁ আধ্যাত্মিক শক্তিৰ অধিকাৰী। বুশ্বৰাৰ আছে বহুতো অন্ধ ভক্তও। যিসকলে তেওঁক বুশ্বৰা বিবি, পিৰনী বা বিবি পাক দামন নামেৰে মাতে। ইছলামিক নীতি–নিয়ম কঠোৰভাৱে পালন কৰে বুশ্বৰাই। বহু লোকে বিশ্বাস কৰে যে বুশ্বৰাই যিকোনো লোকৰ ভাগ্য সলনি কৰি দিব পাৰে।

      সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, বুশ্বৰা মানেকাই ইমৰাণ খানক প্ৰথমে লগ পাইছিল ২০১৫ চনত NA-154 আসনৰ বাবে হ’বলগীয়া উপ–নিৰ্বাচনৰ সময়ত। তেতিয়া ইমৰাণ খানে নিৰ্বাচনী প্ৰচাৰ চলাই আছিল। সেই সাক্ষাতে লাহে লাহে বন্ধুলৈ পৰিণত হ’ল। কম সময়ৰ ভিতৰতে দুয়োগৰাকী অতি কাষ চাপি আহিল। ৰিপ’ৰ্ট অনুসৰি, বুশ্বৰাই ইমৰাণ খানক কৈছিল যে তেওঁ পাকিস্তানৰ প্ৰধানমন্ত্ৰী হ’বলৈ তেওঁক বিয়া কৰাব লাগিব। তাৰ পিছতে দুয়ো বিবাহপাশত আবদ্ধ হৈছিল।
      NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
      First published: