পাকিস্তানত (Pakistan) ইমৰাণ খান (Imran Khan) চৰকাৰৰ বাবে আজিৰ দিনটো নিৰ্ণায়ক হ’ব পাৰে। দেওবাৰে প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ বিৰুদ্ধে নেচনেল এছেম্বলীত অনাস্থা প্ৰস্তাৱৰ ওপৰত ভোটিং হ’ব। ২০১৮ চনত প্ৰধানমন্ত্ৰীৰ আসনত বহা ইমৰাণ খানৰ বাবে এয়া এক ডাঙৰ প্ৰত্যাহ্বান। তেওঁৰ চৰকাৰক সংগ দিয়া কেইবাজনো সাংসদৰ উপৰি খোদ নিজৰ দলৰ কেইবাজনো নেতাই তেওঁৰ বিৰুদ্ধে ভোটদানৰ ইংগিত দিছে।
নিজৰ ক্ৰিকেট জীৱনত বহু গুগলীৰ মুখামুখি হোৱা ইমৰাণ খানে এইবাৰ ৰাজনীতিৰ পথাৰত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। ক্ৰিকেটৰ নিপুন খেলুৱৈ ইমৰাণ খানে পদত্যাগ কৰিবলৈ অস্বীকাৰ কৰি অন্তিম বললৈ বেটিং কৰাৰ ইংগিত দিছে। আজি পাকিস্তানৰ ৰাজনীতিয়ে কি গতি লয় সেয়া লক্ষণীয় হ’ব।
প্ৰধানমন্ত্ৰী ইমৰাণ খানক চৰকাৰ বৰ্তি থাকিবলৈ ৩৪২ সদস্যযুক্ত নেচনেল এছেম্বলীত ১৭২টা ভোটৰ প্ৰয়োজন। বিৰোধীয়ে পূৰ্বেই দাবী কৰিছে যে তেওঁলোকৰ ওচৰত ১৭৫জন সাংসদৰ সমৰ্থন আছে। চৰকাৰত ইমৰাণ খানৰ পাৰ্টী পাকিস্তান তেহৰিক–এ–ইনছাফৰ মুখ্য সহযোগী মুত্তাহিদা কৌমী মুভমেণ্ট পাকিস্তানে ফালৰি কাটিছে। প্ৰায় দুই দজন সাংসদে পূৰ্বেই ইমৰাণ খানৰ বিৰুদ্ধে ভোট দিয়াৰ সংকেত দিছে। ইমৰাণৰ নিজৰ দল পিটিআইৰ কেইবাজনো সাংসদেও তেওঁৰ বিপক্ষে যোৱাৰ সম্ভাৱনা আছে। ফলত অনাস্থা প্ৰস্তাৱৰ ভোটদানৰ পূৰ্বেই একপ্ৰকাৰ সংখ্যাগৰিষ্ঠতা হেৰুৱাইছে ইমৰাণ খানে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : April 03, 2022, 10:04 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|