ভিলে কয় যে আক্ৰমণকাৰীসকল প্ৰধানমন্ত্ৰী ইমৰান খানৰ শাসনাধীষ্ঠ পাকিস্তান তেহৰিক-ই-ইনচাফ (Pakistan Tehreek-e-Insaf) দলৰ এজন স্থানীয় সাংসদৰ ঘনিষ্ঠ হোৱা বাবেই আৰক্ষীয়ে এজাহাৰ গ্ৰহণ নকৰিলে। আৰক্ষীৰ এনে নিষ্ক্ৰিয়তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি ভিলে শান্তি সমাজৰ সদস্য পিটাৰ জন ভিলৰ সৈতে আৰক্ষী থানাৰ বাহিৰত ধৰ্ণা প্ৰদৰ্শন কৰে। জিলা শান্তি সমিতিৰ সদস্য পিটাৰে কয় যে তেওঁ শাসনাধিষ্ঠ পিটিআইৰ বিধায়ক জাভেদ ৱাৰিয়াচৰ সৈতে যোগাযোগ কৰিছিল যাৰ সহায়ত শুকুৰবাৰে ঘটনাকটোক লৈ এটা গোচৰ ৰুজু কৰা হয়।
বাতৰি কাকতখনৰ মতে, পিটাৰে জিলা শান্তি সমিতিৰ আন সদস্যসকলক এই বিষয়ত জৰুৰী বৈঠক আহ্বান কৰিবলৈ অনুৰোধ কৰিছিল, কিন্তু তেওঁলোকে বিষয়টো গুৰুত্বসহকাৰে লোৱা নাছিল। পিটিআইৰ দক্ষিণ পঞ্জাৱ সংখ্যালঘু শাখাৰ সাধাৰণ সম্পাদক যুধিষ্ঠিৰ চৌহানে কয় যে ঘটনাটো তেওঁৰ দৃষ্টিগোচৰ হৈছিল কিন্তু শাসকীয় দলৰ সাংসদজনৰ প্ৰভাৱৰ বাবে তেওঁ হস্তক্ষেপ কৰিব পৰা নাছিল। জিলা আৰক্ষী বিষয়া আছাদ ছৰফৰাজে কয় যে তেওঁ বিষয়টো চোৱা-চিতা কৰি আছে। উপায়ুক্ত ড০ খুৰৰাম শ্বাহজাদে কয় যে তেওঁ সোমবাৰে হিন্দু সম্প্ৰদায়ৰ জ্যেষ্ঠসকলৰ সৈতে আলোচনা কৰিহে কোনো ব্যৱস্থা গ্ৰহণ কৰিব।
উল্লেখ্য যে পাকিস্তানত হিন্দুসকলে হৈছে সৰ্ববৃহৎ সংখ্যালঘু সম্প্ৰদায়। চৰকাৰী হিচাপ অনুসৰি ৭.৫ নিযুত হিন্দু পাকিস্তানত বাস কৰে। কিন্তু সম্প্ৰদায়টোৰ মতে, দেশখনত ৯০ লাখতকৈও অধিক হিন্দু বাস কৰি আছে। (এজেন্সী ইনপুটৰ সৌজন্যত)