২৬ বছৰে বিশ্বকাপত জয়ৰ মুখ দেখাই নাই পাকিস্তানে!

News18-Assam
Updated:June 16, 2019, 11:58 AM IST
২৬ বছৰে বিশ্বকাপত জয়ৰ মুখ দেখাই নাই পাকিস্তানে!
বিশ্বকাপ ক্ৰিকেটত যিমানবাৰ ভাৰতৰ মুখামুখি হৈছে পাকিস্তান,প্ৰতিবাৰতে সহ্য কৰিছে কেৱল পৰাজয়ৰ গ্লানি

বিশ্বকাপ ক্ৰিকেটত যিমানবাৰ ভাৰতৰ মুখামুখি হৈছে পাকিস্তান,প্ৰতিবাৰতে সহ্য কৰিছে কেৱল পৰাজয়ৰ গ্লানি

  • Share this:
বিশ্বকাপ ক্ৰিকেট ২০১৯ত আজি প্ৰথমবাৰৰ বাবে ভাৰত মুখামুখি হ’ব চিৰবৈৰী পাকিস্তানৰ।ইতিমধ্যে চলিত বিশ্বকাপত ভাৰতে খেলা দুয়োখন মেচতে জয়লাভ কৰি প্ৰৱল আত্মবিশ্বাসী হৈ আছে। সেই অনুপাতে পাকিস্তানে কৰিছে নিৰাশজনক প্ৰদৰ্শন। আজিৰ হাই ভল্টেজ মেচ খনক লৈ এতিয়া উৎকণ্ঠা বৃদ্ধি পাইছে দুয়োখন দেশৰে ক্ৰিকেট অনুৰাগীৰ মাজত।



বিশ্বকাপ ক্ৰিকেটৰ ইতিহাসত আজি সপ্তমবাৰলৈ মুখামুখি হ’ব ভাৰত আৰু পাকিস্তান।এতিয়ালৈকে দুয়োখন দেশৰ মাজত হোৱা ছবাৰৰ প্ৰতিদ্বন্দ্বীতাত আটাইকেইবাৰেই জয়ী হৈছে ভাৰত।



১৯৯২ চনত প্ৰথমবাৰৰ বাবে বিশ্বকাপত মুখামুখি হৈছিল ভাৰত আৰু পাকিস্তান। মেচখনত ভাৰতে পাকিস্তানক ৪৩ ৰাণৰ ব্যৱধানত পৰাস্ত কৰিছিল। সেইদৰে ১৯৯৬ৰ বিশ্বকাপতো ৩৯ ৰাণত জয়ী হৈছিল ভাৰত।



১৯৯৯ চনৰ বিশ্বকাপতো ভাৰতে ৪৭ ৰানৰ ব্যৱধানত পৰাস্ত কৰিছিল পাকিস্তানক। ২০০৩ ৰ বিশ্বকাপত সৌৰভ গাংগুলীৰ নেতৃত্বাধীন ভাৰতীয় দলে ৬ উইকেটত পৰাস্ত কৰিছিল পাকিস্তানক।



২০১১ আৰু ২০১৫ চনৰ বিশ্বকাপতো ভাৰতে ২৯ ৰান আৰু ৭৬ ৰানৰ ব্যৱধানত পৰাস্ত কৰিছিল পাকিস্তানক।
আৰু চাওক
পৰৱৰ্তী বাতৰি