পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুছাৰফক মৃত্যুদণ্ড

News18 Assam | News18-Assam
Updated:December 17, 2019, 1:48 PM IST
পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুছাৰফক মৃত্যুদণ্ড
ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত ১৯ নৱেম্বৰত শুনানি সম্পূৰ্ণ হৈছিল আৰু আজি ফাঁচিৰ নিৰ্দেশ দিয়া আদালতে।

ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত ১৯ নৱেম্বৰত শুনানি সম্পূৰ্ণ হৈছিল আৰু আজি ফাঁচিৰ নিৰ্দেশ দিয়া আদালতে।

  • Share this:
পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুছাৰফক ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত মৃত্যুদণ্ড। লাহোৰ হাইক’ৰ্টৰ ৫জনীয়া বিশেষ বিচাৰপীঠে দিলে মৃত্যুদণ্ডৰ আদেশ। ২০০৭ চনৰ ৩ নৱেম্বৰত দেশত জৰুৰীকালীন অৱস্থা ঘোষণাৰ অপৰাধত মুছাৰফৰ বিৰুদ্ধে ২০১৩ চনত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰা হৈছিল। ২০১৪ চনৰ ৩১ মাৰ্চত মুছাৰফক দোষী সাব্যস্ত কৰা হৈছিল।

২০১৬ চনত স্বাস্থ্যৰ দোহাই দি পাকিস্তান এৰিছিল মুছাৰফে। যাৰ ফলত গোচৰৰ শুনানিত ব্যাঘাত জন্মিছিল আৰু শুনানি স্থগিত ৰাখিবলগীয়া হৈছিল। ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত ১৯ নৱেম্বৰত শুনানি সম্পূৰ্ণ হৈছিল আৰু আজি ফাঁচিৰ নিৰ্দেশ দিয়া আদালতে।

দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক নজৰবন্দী কৰা আৰু ১০০ৰো অধিক ন্যায়াধীশক বৰ্খাস্ত কৰাৰ গোচৰত ২০১৪ চনত মুছাৰফক দোষী সাব্যস্ত কৰা হৈছিল।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি