মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »Pakistan Food Crisis: খাদ্য সামগ্ৰীৰ অত্যাধিক মূল্য বৃদ্ধিয়ে জুৰুলা কৰি পেলাইছে পাকিস্তানৰ সাধাৰণ ৰাইজক ...

Pakistan Food Crisis: খাদ্য সামগ্ৰীৰ অত্যাধিক মূল্য বৃদ্ধিয়ে জুৰুলা কৰি পেলাইছে পাকিস্তানৰ সাধাৰণ ৰাইজক ...

Pakistan Food Crisis: এক লিটাৰ গাখীৰৰ পেকেটৰ মূল্য ২১০ পাকিস্তানী ৰূপি, এক কেজি চিকেনৰ দাম হৈছে গৈ ৭৮০ পাকিস্তানী ৰূপিলৈ। ধাৰত ডুব যোৱা এখন দেশত খাদ্য সমগ্ৰীৰ অত্যাধিক মূল্য বৃদ্ধিত হাহাকাৰ সাধাৰণ ৰাইজৰ।

Pakistan Food Crisis: এক লিটাৰ গাখীৰৰ পেকেটৰ মূল্য ২১০ পাকিস্তানী ৰূপি, এক কেজি চিকেনৰ দাম হৈছে গৈ ৭৮০ পাকিস্তানী ৰূপিলৈ। ধাৰত ডুব যোৱা এখন দেশত খাদ্য সমগ্ৰীৰ অত্যাধিক মূল্য বৃদ্ধিত হাহাকাৰ সাধাৰণ ৰাইজৰ।

Pakistan Food Crisis: এক লিটাৰ গাখীৰৰ পেকেটৰ মূল্য ২১০ পাকিস্তানী ৰূপি, এক কেজি চিকেনৰ দাম হৈছে গৈ ৭৮০ পাকিস্তানী ৰূপিলৈ। ধাৰত ডুব যোৱা এখন দেশত খাদ্য সমগ্ৰীৰ অত্যাধিক মূল্য বৃদ্ধিত হাহাকাৰ সাধাৰণ ৰাইজৰ।

  • Share this:
খাদ্য সামগ্ৰীৰ অত্যাধিক মূল্য বৃদ্ধিয়ে জুৰুলা কৰি পেলাইছে পাকিস্তানৰ সাধাৰণ ৰাইজক।যোৱা পাঁচটা দশকত পন্য সামগ্ৰীৰ মূল্যবৃদ্ধি আৰু খাদ্য সংকটৰ ফলত পাকিস্তান ক্ষতিগ্ৰস্ত হৈছে।  যোৱা কেইমাহমানৰ পৰা চলি অহা এই পৰিস্থিতিৰ পৰা সকাহ পোৱাৰ কোনো লক্ষণ এতিয়ালৈকে দেখা পোৱা যোৱা নাই।  গোটেই দেশতে ঋণগ্ৰস্ত পাকিস্তানত সাধাৰণ মানুহৰ হাহাকাৰ।  বিগত ৪৮ বছৰ ধৰি সময়ে সময়ে পাকিস্তানত এনে ভয়াৱহ খাদ্য সংকট আৰু মূল্যবৃদ্ধিৰ ঘটনা সংঘটিত হৈছে।

শিশু খাদ্যৰ গাখীৰৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ পৰা ৰক্ষা পোৱা নাই দেশখন ।  পাকিস্তানী সংবাদ মাধ্যমৰ মতে, বৰ্তমানে দেশত খুচুৰা গাখীৰৰ এক লিটাৰৰ পেকেটৰ মূল্য ১৯০ পাক টকাৰ পৰা ২১০ পাক টকালৈ বৃদ্ধি পাইছে।  ব্ৰইলাৰ চিকেনৰ দামো অত্যাধিক বাঢ়িছে।  ইয়াৰ মূল্য প্ৰতি সপ্তাহত গড়ে ৩০ৰ পৰা ৪০ পাক টকা বৃদ্ধি পাইছে।  বৰ্তমান সেই দেশত ১ কেজি ব্ৰইলাৰ চিকেনৰ দাম ৪৮০ৰ পৰা ৫০০ টকা। ইয়াৰ উপৰিও বোনলেছ কুকুৰাও সাধাৰণ মানুহৰ হাতৰ মুঠিৰ বাহিৰলৈ গৈছে।  বোনলেছ কুকুৰাৰ পেকেট এহেজাৰৰ পৰা ১১১০ টকাত বিক্ৰী কৰা হৈছে।  ব্ৰইলাৰ আৰু বোনলেছ বাদ দি সাধাৰণ কুকুৰাৰ দাম প্ৰতি কেজিত ৬৫০ টকাৰ পৰা ৭৮০ টকালৈ চলি আছে।  দুগ্ধ আৰু হাঁহ-কুকুৰা উদ্যোগৰ প্ৰতিনিধিয়ে এই পৰিস্থিতি জানিবলৈ দিয়ে পাকিস্তানৰ সংবাদ মাধ্যমক।  দুগ্ধ উদ্যোগৰ এগৰাকী প্ৰতিনিধিয়ে  অভিযোগ কৰে যে এক শ্ৰেণীৰ অসাধু পাইকাৰী ব্যৱসায়ীৰ হেতালি খেলাৰ বাবে গাখীৰৰ মূল্য আকাশলংঘী হৈছে।  প্ৰতিনিধিজনে দাবী কৰে যে তেওঁলোক( মধ্যভোগী) তেওঁলোকৰ সংগঠনৰ সদস্য নহয়।

আনহাতে সিন্ধ প্ৰদেশত হাঁহ-কুকুৰা পাইকাৰী বিক্ৰেতা সন্থাৰ সাধাৰণ সম্পাদক কমল আখতাৰে পাকিস্তানী সংবাদ মাধ্যমৰ আগত কয় যে মাংস বিক্ৰীৰ পূৰ্বে প্ৰতি কেজিত কুকুৰাৰ মূল্য ৬০০ পাকিস্তানী টকালৈ হ্ৰাস পাইছে। কিন্তু বিক্ৰীৰ সময়ত  মাংসৰ মূল্য ৬৫০ৰ পৰা ৭০০ টকা হৈছে গৈ।

সমগ্ৰ দেশৰ এই পৰিস্থিতিত পাকিস্তানৰ ধনী লোকৰ কোনো প্ৰভাৱ নপৰে যদিও মধ্যবিত্ত, নিম্নবৰ্গ আৰু দুখীয়াই অধিক ক্ষতিগ্ৰস্ত হৈছে।  সাধাৰণ মানুহে মুক্তিৰ বাট পাবলৈ অপেক্ষা কৰি আছে যদিও এতিয়ালৈকে খাদ্য সামগ্ৰীৰ মূল্য হ্ৰাস হোৱাৰ কোনো লক্ষণ দেখা পোৱা যোৱা নাই।

শেহতীয়া বাতৰি