পাকিস্তানৰ অৰ্থনীতি ভয়াৱহ সংকটত। দৈনিক পাকিস্তানী টকাৰ দাম কমি আহিছে। এইবাৰ পাকিস্তানী টকাৰ মূল্য ৪ শতাংশ হ্ৰাস পালে। প্ৰতি ডলাৰত ২৬২ টকালৈ হ্ৰাস পালে পাকিস্তানৰ টকাৰ মূল্য। ব্লুমবাৰ্গত প্ৰকাশিত এক প্ৰতিবেদনত এই কথা দাবী কৰা হৈছে।
আৰ্থিক সংকটৰ পৰা ওলাই আহিবলৈ এতিয়া আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ ঋণৰ প্ৰতি লক্ষ্য ৰাখিছে শ্বেহবাজ শ্বৰীফ চৰকাৰে। কিন্তু পাকিস্তানী টকাৰ দাম কমি অহাৰ লগে লগে সেই সম্ভাৱনা কমি আহিছে।
এফালে বিদ্যুতৰ সংকট, বৈদেশিক মুদ্ৰাৰ মজুতো খালী, মুঠতে পাকিস্তান ইটোৰ পিছত সিটো সমস্যাত ডুব গৈ আছে। দেশৰ ৰাজনৈতিক উত্তেজনাৰ মাত্ৰা বাঢ়িছে। এনে পৰিস্থিতিত পাকিস্তান চৰকাৰৰ শীৰ্ষ বিষয়াসকলে এতিয়া আন্তঃৰাষ্ট্ৰীয় পুঁজিৰ ফালে চকু ৰাখিছে। এনে পৰিস্থিতিত ইছলামবাদে অহা সপ্তাহত আই এম এফৰ বিষয়াসকলৰ সৈতে বৈঠকৰ বাবে আগ্ৰহী। কাৰণ অৱশেষত আই এম এফে পাকিস্তানক ছাৰে ছয় বিলিয়ন ডলাৰৰ ঋণ দিব নে নিদিব, তাৰ ইংগিত উক্ত বৈঠকত পোৱা যাব।
উক্ত পৰিস্থিতিত পাকিস্তানৰ ফেডাৰেল ব’ৰ্ডৰ অধ্যক্ষ অসীম আহমেদে বৰ্তমানৰ পৰিস্থিতিক জটিল বুলি অভিহিত কৰে যদিও ইয়াৰ পৰা ক্ষন্তেকীয়াকৈ ওলাই অহাৰ আশা প্ৰকাশ কৰিছে। ৰাজহ সংগ্ৰহ হ্ৰাস পোৱাটো দেশৰ অৰ্থনৈতিক সংকট হ্ৰাস পোৱাৰ অন্যতম মূল কাৰণ বুলি দাবী কৰে পাকিস্তান ফেডাৰেল ব’ৰ্ডৰ মুৰব্বীৰ। তেওঁ দাবী কৰে যে সংকট দূৰ কৰিবলৈ কৰ সংগ্ৰহ বৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়া হৈছে। যিসকল লোক এতিয়ালৈকে কৰ প্ৰদান কৰা নাই বা নাছিল তেওঁলোকৰ পৰাও আৰম্ভ হ’ব কৰ সংগ্ৰহ।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : January 30, 2023, 18:30 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।