জম্মু–কাশ্মীৰত অনুচ্ছেদ ৩৭০ প্ৰত্যাহৰক লৈ শংকিত পাকিস্তান, লাডাখৰ সমীপলৈ প্ৰেৰণ যুঁজাৰু বিমান!
News18-Assam Updated:August 13, 2019, 9:27 AM IST

পাকিস্তানৰ বৰ্তমানৰ পৰিস্থিতিলৈ লক্ষ্য কৰি অনুমান হয়, হয়তো পাকিস্তানে যুদ্ধৰ প্ৰস্তুতিত ব্যস্ত হৈছে, নহ’লে ভাৰতৰ ভয়ত শংকিত হৈ নিজকে ৰক্ষাৰ চেষ্টা চলাইছে।
পাকিস্তানৰ বৰ্তমানৰ পৰিস্থিতিলৈ লক্ষ্য কৰি অনুমান হয়, হয়তো পাকিস্তানে যুদ্ধৰ প্ৰস্তুতিত ব্যস্ত হৈছে, নহ’লে ভাৰতৰ ভয়ত শংকিত হৈ নিজকে ৰক্ষাৰ চেষ্টা চলাইছে।
- News18 Assam
- Last Updated: August 13, 2019, 9:27 AM IST
ইংৰাজী সংবাদ পত্ৰ ‘টাইম্ছ অব ইণ্ডিয়া’ৰ মতে, পাকিস্তানে শনিবাৰে স্কাৰ্দু এয়াৰ বেছলৈ তিনিখন C-130 ট্ৰান্সপ’ৰ্ট এয়াৰক্ৰাফ্ট প্ৰেৰণ কৰিছিল। এই বিমানকেইখনত অনা হৈছে যুঁজাৰু বিমানৰ সা–সামগ্ৰী। কোৱা হৈছে যে পাকিস্তানে JF-17 যুঁজাৰু বিমান লাডাখৰ সমীপলৈ প্ৰেৰণ কৰিব পাৰে। স্কাৰ্দু পাকিস্তানৰ এটা ফৰ’ৱাৰ্ড অপাৰেটিং বেছ। সীমান্তত সেনাৰ অভিযানত সহায় কৰিবলৈ ব্যৱহাৰ কৰা হয় এই এয়াৰ বেছ।
সূত্ৰ অনুসৰি, পাকিস্তানৰ এই ষড়যন্ত্ৰত প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ সম্পূৰ্ণ সহযোগ আছে। পাকিস্তানৰ বৰ্তমানৰ পৰিস্থিতিলৈ লক্ষ্য কৰি অনুমান হয়, হয়তো পাকিস্তানে যুদ্ধৰ প্ৰস্তুতিত ব্যস্ত হৈছে, নহ’লে ভাৰতৰ ভয়ত শংকিত হৈ নিজকে ৰক্ষাৰ চেষ্টা চলাইছে।