আৰু কিমান তললৈ নামিব পাকিস্তান! এইবাৰ বেলী ডান্সেৰে বিদেশী বিনিয়োগকাৰীক আকৰ্ষিত কৰাৰ চেষ্টা

এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বেলী ডান্সৰ দৰে কাৰ্যসূচী ৰখাটো অশোভনীয় বুলিও মন্তব্য কৰিছে বিভিন্নজনে।

News18-Assam
Updated:September 9, 2019, 12:59 PM IST
আৰু কিমান তললৈ নামিব পাকিস্তান! এইবাৰ বেলী ডান্সেৰে বিদেশী বিনিয়োগকাৰীক আকৰ্ষিত কৰাৰ চেষ্টা
এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বেলী ডান্সৰ দৰে কাৰ্যসূচী ৰখাটো অশোভনীয় বুলিও মন্তব্য কৰিছে বিভিন্নজনে।
News18-Assam
Updated: September 9, 2019, 12:59 PM IST
আৰ্থিক সংকটত জুৰুলা পাকিস্তানে আকৌ বিশ্বৰ সন্মুখত দেখুৱালে নিজৰ স্বৰূপ। বিদেশী বিনিয়োগকাৰীক আকৰ্ষিত কৰাৰ বাবে পাকিস্তানে ল’লে আজৱ পন্থা। আজাৰবাইজানত আয়োজিত বিনিয়োগ সন্মিলনত ব্যৱসায়ীসকলক আকৰ্ষিত কৰাৰ বাবে পাকিস্তানে ৰাখিলে বেলী ডান্সৰ অনুষ্ঠান।

এই সন্মিলনৰ উদ্দেশ্য আছিল পাকিস্তানত বিদেশী বিনিয়োগ বৃদ্ধি কৰা, যাতে আৰ্থিক সংকটত জুৰুলা দেশখনে কিছু সকাহ পায়। কাৰ্যসূচীৰ আৰম্ভণিতে বিনিয়োগকাৰীসকলক পাকিস্তানত বিনিয়োগৰ সম্ভাৱনীয়তাৰ বিষয়ে জনোৱা হয়। তাৰ পিছতে আৰম্ভ হোৱা অনুষ্ঠান দেখি আচৰিত হয় উপস্থিত বিনিয়োগকাৰীসকল। কেইবাগৰাকীও বেলী ডান্সাৰে মঞ্চত প্ৰদৰ্শন কৰে নৃত্য।

বেলী ডান্সৰ এই ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। এই ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে ইমৰাণ খান চৰকাৰ। এজন ব্যৱহাৰকাৰীয়ে লিখিছে যে ভাৰতৰ দৰে দেশে চন্দ্ৰলৈ মহাকাশ যান প্ৰেৰণ কৰিছে আৰু পাকিস্তানে বিনিয়োগকাৰীক প্ৰলোভিত কৰিবলৈ বেলী ডান্স কৰোৱাইছে। এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বেলী ডান্সৰ দৰে কাৰ্যসূচী ৰখাটো অশোভনীয় বুলিও মন্তব্য কৰিছে বিভিন্নজনে।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি