মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »বিশ্বকাপৰ নতুন জাৰ্চিক লৈ সামাজিক মাধ্যমত ব্যাপক ট্ৰলৰ সন্মুখীন পাকিস্তান দল; জাৰ্চিৰ ৰং আৰু আৰ্হিক তৰমুজ সদৃশ বুলি সমালোচনা নেটিজেনৰ

বিশ্বকাপৰ নতুন জাৰ্চিক লৈ সামাজিক মাধ্যমত ব্যাপক ট্ৰলৰ সন্মুখীন পাকিস্তান দল; জাৰ্চিৰ ৰং আৰু আৰ্হিক তৰমুজ সদৃশ বুলি সমালোচনা নেটিজেনৰ

টি-২০ বিশ্বকাপৰ বাবে নতুন জাৰ্চি মুকলি কৰি যথেষ্ট ট্ৰোলৰ কবলত পৰিছে পাকিস্তানৰ ক্ৰিকেট দলটো।

টি-২০ বিশ্বকাপৰ বাবে নতুন জাৰ্চি মুকলি কৰি যথেষ্ট ট্ৰোলৰ কবলত পৰিছে পাকিস্তানৰ ক্ৰিকেট দলটো।

  • Share this:
টি-২০ বিশ্বকাপৰ খেল এমাহৰ পাছত আৰম্ভ হ’ব আৰু ইয়াৰ বাবে ইতিমধ্যে বহু দলে বিশ্বকাপৰ বাবে নতুন জাৰ্চি মুকলি কৰিছে। ভাৰতৰ ক্ৰিকেট দল ‘টীম ইণ্ডিয়া’ও অলপতে মুকলি কৰিছে নতুন জাৰ্চি। কিন্তু এতিয়া টি-২০ বিশ্বকাপৰ বাবে নতুন জাৰ্চি মুকলি কৰি যথেষ্ট ট্ৰোলৰ সন্মুখীন হৈছে পাকিস্তানৰ ক্ৰিকেট দল। পাকিস্তানৰ নতুন জাৰ্চিৰ ছবি ছ’চিয়েল মিডিয়াত খুব ভাইৰেল হৈছে আৰু নেটিজেনসকলে ইয়াৰ ৰং আৰু আৰ্হিক সমালোচনা কৰা দেখা গৈছে।

পাকিস্তানে এতিয়াও আনুষ্ঠানিকভাৱে নতুন জাৰ্চি মুকলি কৰা নাই যদিও পাকিস্তান ক্ৰিকেট দলৰ অধিনায়ক বাবৰ আজমৰ লগতে আন একাংশ খেলুৱৈয়ে নতুন জাৰ্চি পিন্ধা ছবি সামাজিক মাধ্যমত বৰ্তমান ভাইৰেল হৈছে।

নেটিজেনসকলে পাকিস্তানৰ নতুন জাৰ্চিৰ বিষয়ে কৈছে যে, ইয়াৰ নতুন জাৰ্চি দেখাত তৰমুজৰ দৰে। কিছুলোকে এই জাৰ্চিৰ ধাৰণা প্ৰকৃতিৰ পৰা লোৱা বুলি দলটিক কটাক্ষ কৰাৰ বিপৰীতে আন একাংশই ইয়াৰ বাবে দুখ প্ৰকাশ কৰা দেখা গৈছে। মুঠতে বিভিন্নজনে এতিয়া পাকিস্তানৰ তৰমুজৰ আৰ্হি সদৃশ জাৰ্চিক সমালোচনা ও ট্ৰোল কৰিছে।

উল্লেখনীয় যে, ১৮ ছেপ্তেম্বৰ অৰ্থাৎ দেওবাৰে ভাৰতে নিজৰ নতুন জাৰ্চি মুকলি কৰিছিল। ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মা, হার্দিক পাণ্ডিয়া, মহিলা দলৰ অধিনায়ক হৰমনপ্রীত কৌৰকে ধৰি আন তাৰকা খেলুৱৈৰ উপস্থিতিত টিম ইণ্ডিয়াৰ নতুন জার্চি মুকলি কৰা হৈছিল। ভাৰতীয় দলৰ নতুন জাৰ্চি আকাশী নীলা ৰঙৰ৷ ভাৰত আৰু পাকিস্তানে আগন্তুক ২৩ অক্টোবৰৰ পৰা টি-২০ বিশ্বকাপত অংশ ল'ব।

শেহতীয়া বাতৰি