ডাউদ ইব্ৰাহিম থাকে কৰাচীত, প্ৰথমবাৰলৈ স্বীকাৰ কৰিলে পাকিস্তানে

News18 Assam | News18-Assam
Updated:August 24, 2020, 11:31 AM IST
ডাউদ ইব্ৰাহিম থাকে কৰাচীত, প্ৰথমবাৰলৈ স্বীকাৰ কৰিলে পাকিস্তানে
পাকিস্তানে প্ৰকাশ কৰিলে সন্ত্ৰাসবাদীৰ নতুন তালিকা। এই তালিকাৰ অন্তুৰ্ভুক্ত ডাউদ ইব্ৰাহিমৰ নাম

পাকিস্তানে প্ৰকাশ কৰিলে সন্ত্ৰাসবাদীৰ নতুন তালিকা। এই তালিকাৰ অন্তুৰ্ভুক্ত ডাউদ ইব্ৰাহিমৰ নাম

  • Share this:
স্বৰূপ ওলাইছে পাকিস্তানৰ। কুখ্যাত ডন ডাউদ ইব্ৰাহিমে পাকিস্তানত আশ্ৰয় লৈ থকাৰ লগতে দেশখনত বিশাল সা-সম্পত্তি গঢ়াৰ কথা অৱশেষত স্বীকাৰ কৰিলে সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক দেশ পাকিস্তানে। পাকিস্তানে শেহতীকৈ প্ৰকাশ কৰা সন্ত্ৰাসবাদীৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে ডাউদ ইব্ৰাহিমৰ নাম।

আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ হেঁচাত পাকিস্তানে শনিবাৰে নিষিদ্ধ সন্ত্ৰাসবাদী হাফিজ ছইদ, মাছুদ আজহাৰ আৰু ডাউদ সহ ৮৮ সন্ত্ৰাসবাদী সংগঠন আৰু তেওঁলোকৰ নেতাৰ ক্ষেত্ৰত আৰ্থিক নিষেধাজ্ঞা আৰোপ কৰিছে।

পাকিস্তানে যিসকল সন্ত্ৰাসবাদীৰ সম্পত্তি আপৰু বেংক একাউণ্ট জব্দ কৰিবলৈ নিৰ্দেশ দিছে, তাৰ মাজত ডাউদ ইব্ৰাহিমৰ নামো আছে। ইয়াৰ লগে লগে ভাৰতত বিভিন্ন সময়ত সন্ত্ৰাস চলোৱা মষ্ট ৱাণ্টেড ডাউদ ইব্ৰাহিম পাকিস্তানত থকাটো নিশ্চিত হৈ পৰিল।

Source-India today


উল্লেখযোগ্য যে, সন্ত্ৰাসবাদীক ধনৰ লেনদেন কৰিবলৈ সুযোগ দিয়া দেশ হিচাপে ফাইনেন্সিয়েল এক্সন টাস্ক ফৰ্চৰ তালিকাৰ পৰা মুক্ত হোৱাৰ লক্ষ্যৰে পাকিস্তানে প্ৰস্তুত কৰিছে এই তালিকা। পাকিস্তানে এতিয়া আটাইবোৰ সন্ত্ৰাসবাদী সংগঠন আৰু সংগঠনৰ নেতাৰ সকলো সম্পত্তি বাজেয়াপ্ত কৰি বেংক একাউণ্ট ছীল কৰিবলৈ নিৰ্দেশ দিছে। যোৱা ১৮ আগষ্টত দিয়া হৈছে এই নিৰ্দেশনা।

উল্লেখযোগ্য যে, প্ৰথমবাৰলৈ পাকিস্তান চৰকাৰে নিজ দেশত ডাউদ ইব্ৰাহিম থকাটো স্বীকাৰ কৰি লৈছে। ইয়াৰ পূৰ্বে সদায় এই কথা অস্বীকাৰ কৰি আহিছিল পাকিস্তানে।
Published by: Himangshu Bhuyan
First published: August 23, 2020, 1:43 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading