৩৭০ অনুচ্ছেদ বাতিল কৰাক লৈ পাকিস্তানৰ ধৰফৰণি, কাশ্মীৰক লৈ একপক্ষীয় সিদ্ধান্ত আখ্যা

পাকিস্তানৰ বিদেশ মন্ত্ৰালয়ে এক বিবৃতিযোগে কয় যে, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত জম্মু–কাশ্মীৰৰ স্থিতিক বিবদমান গণ্য কৰা হয়। সেইবাবে ভাৰতে এই একপক্ষীয় সিদ্ধান্ত জম্মু–কাশ্মীৰবাসী আৰু পাকিস্তানে মানি নলয়। 

News18
Updated:August 5, 2019, 4:41 PM IST
৩৭০ অনুচ্ছেদ বাতিল কৰাক লৈ পাকিস্তানৰ ধৰফৰণি, কাশ্মীৰক লৈ একপক্ষীয় সিদ্ধান্ত আখ্যা
পাকিস্তানৰ বিদেশ মন্ত্ৰালয়ে এক বিবৃতিযোগে কয় যে, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত জম্মু–কাশ্মীৰৰ স্থিতিক বিবদমান গণ্য কৰা হয়। সেইবাবে ভাৰতে এই একপক্ষীয় সিদ্ধান্ত জম্মু–কাশ্মীৰবাসী আৰু পাকিস্তানে মানি নলয়। 
News18
Updated: August 5, 2019, 4:41 PM IST
মোদী চৰকাৰে সোমবাৰে জম্মু–কাশ্মীৰক লৈ গ্ৰহণ কৰা ঐতিহাসিক সিদ্ধান্তই টোপনি হৰিছে পাকিস্তানৰ। অনুচ্ছেদ ৩৭০ আৰু ৩৫ এ সমাপ্ত কৰাৰ চৰকাৰী সিদ্ধান্তৰ পিছত এতিয়া জম্মু–কাশ্মীৰ কেন্দ্ৰীয় শাসিত ৰাজ্য আৰু লাডাখো কাশ্মীৰৰ পৰা পৃথককৈ কেন্দ্ৰীয় শাসিত ৰাজ্য হ’ব। গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যসভাত দিয়া বিবৃতিয়ে মোদী চৰকাৰৰ কঠোৰ সিদ্ধান্ত বিশ্ববাসীৰ সন্মুখত তুলি ধৰিলে। এই সিদ্ধান্তক লৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিক্ৰিয়া আহি আছে, অৱধাৰিতভাৱে সকলোতকৈ বেছি ধৰফৰণি হৈছে চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ।

পাকিস্তানৰ মতে ৩৭০ অনুচ্ছেদক লৈ মোদী চৰকাৰৰ সিদ্ধান্ত একপক্ষীয়, এনেকৈ কাশ্মীৰক সলনি কৰিব নোৱাৰি। কাশ্মীৰৰ শেহতীয়া পৰিস্থিতিৰ ওপৰত আলোচনা কৰিবলৈ পাকিস্তানে মঙলবাৰে সংসদৰ যুটীয়া অধিৱেশনৰো আহ্বান কৰিছে।

সাত দশকৰ পিছত কাশ্মীৰত ডাঙৰ সিদ্ধান্ত লোৱা হৈছে।


পাকিস্তানৰ বিদেশ মন্ত্ৰালয়ে এক বিবৃতিযোগে কয় যে, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত জম্মু–কাশ্মীৰৰ স্থিতিক বিবদমান গণ্য কৰা হয়। সেইবাবে ভাৰতে এই একপক্ষীয় সিদ্ধান্ত জম্মু–কাশ্মীৰবাসী আৰু পাকিস্তানে মানি নলয়। পাকিস্তানৰ বিদেশ মন্ত্ৰালয়ে এই ক্ষেত্ৰত প্ৰতিটো সম্ভৱ আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ হুমকি দিছে। কাশ্মীৰক লৈ পাকিস্তানৰ স্থিতি অটল আৰু কাশ্মীৰৰ ৰাজনৈতিক, গণতান্ত্ৰিক আৰু নৈতিক বিকাশৰ কাৰণে যুঁজি যোৱাৰ কথাও তেওঁ প্ৰকাশ কৰে।

পাকিস্তানৰ মুছলীম লীগ–নৱাজৰ অধ্যক্ষ তথা বিৰোধী নেতা শ্বাহবাজ শ্বৰীফে মোদী চৰকাৰৰ এই সিদ্ধান্তক ৰাষ্ট্ৰসংঘৰ বিৰুদ্ধে স্থিতি আখ্যা দিছে।

কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ সমাপ্ত কৰাটো অসাংবিধানিক, এয়া ৰাষ্ট্ৰসংঘৰ প্ৰতি এক ধৰণৰ ৰাজদ্ৰোহ (?) যিটো কোনো কাৰণতে মানি ল’ব পৰা নাযায়।


পাকিস্তান মুছলীম লীগ–নৱাজৰ চেয়াৰমেন শ্বাহবাজ শ্বৰীফে এই কথাও কয় যে ভাৰতত মোদী চৰকাৰে অনুচ্ছেদ ৩৭০ আঁতৰোৱাৰ যি সিদ্ধান্ত লৈছে সেয়া উচ্চতম ন্যায়ালয়ৰ ৰায়ৰো বিৰোধী।
আৰু চাওক পৰৱৰ্তী বাতৰি