বিশ্ববিদ্যালয়ত যুৱক–যুৱতীয়ে একেলগে কৰিব নোৱাৰিব চলা–ফুৰা,অন্যথা ভৰিব লাগিব জৰিমনা

পাকিস্তানৰ এখন বিশ্ববিদ্য়ালয়ৰ এখন বিশেষ জাননী এতিয়া ছচিয়েল মিডিয়াত হৈছে ভাইৰেল

News18-Assam
Updated:September 27, 2019, 6:48 PM IST
বিশ্ববিদ্যালয়ত যুৱক–যুৱতীয়ে একেলগে কৰিব নোৱাৰিব চলা–ফুৰা,অন্যথা ভৰিব লাগিব জৰিমনা
পাকিস্তানৰ এখন বিশ্ববিদ্য়ালয়ৰ এখন বিশেষ জাননী এতিয়া ছচিয়েল মিডিয়াত হৈছে ভাইৰেল
News18-Assam
Updated: September 27, 2019, 6:48 PM IST
পাকিস্তানৰ এখন বিশ্ববিদ্য়ালয়ৰ এখন বিশেষ জাননী এতিয়া ছচিয়েল মিডিয়াত হৈছে ভাইৰেল। পাকিস্তানৰ বাছা খান বিশ্ববিদ্য়ালয়ে জাৰি কৰা জাননী অনুসৰি বিশ্ববিদ্য়ালয়ৰ চৌহদত কোনো যুৱক যুৱতী একেলগে চলা ফুৰা কৰিব নোৱাৰিব। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই  অন্যথা প্ৰদান কৰিব কঠোৰ শাস্তি। লগতে যুৱক যুৱতীয়ে ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা।

বিশ্ববিদ্য়ালয় খনত নিয়মানুৱৰ্তিতা বৰ্তাই কৰাৰ স্বাৰ্থত এই সিদ্ধান্ত গ্ৰহণ কৰিছে বিশ্ববিদ্য়ালয়খনে। বিশ্ববিদ্যালয় খনৰ কৰ্তৃপক্ষই উল্লেখ কৰিছে যে, একেলগে যুৱক–যুৱতী চলা ফুৰা কৰোতো ইছলাম পৰিপন্থী। যোৱা ২৩ ছেপ্তেম্বৰ তাৰিখে এই বিশেষ জাননী খন জাৰি কৰে পাকিস্তানৰ বিশ্ববিদ্যালয়খনে। জাননীখন জাৰি কৰাৰ পিছতে ভাইৰেল হৈ পৰে ছচিয়েল মিডিয়াত। 

আৰু চাওক পৰৱৰ্তী বাতৰি