পাকিস্তানে ৩ দিনৰ বাবে বন্ধ কৰিলে কৰাচী এয়াৰস্পেচ, ভাৰতৰ বাবে সকলো উৰণক্ষেত্ৰ বন্ধ কৰাৰ চিন্তা–চৰ্চা

News18-Assam
Updated:August 28, 2019, 9:40 AM IST
পাকিস্তানে ৩ দিনৰ বাবে বন্ধ কৰিলে কৰাচী এয়াৰস্পেচ, ভাৰতৰ বাবে সকলো উৰণক্ষেত্ৰ বন্ধ কৰাৰ চিন্তা–চৰ্চা
PHOTO : www.vox.com

ইয়াৰ পূৰ্বে পাকিস্তানৰ মন্ত্ৰী ফৱাদ হুছেইন চৌধুৰীয়ে কৈছিল যে প্ৰধানমন্ত্ৰী ইমৰাণ খানে ভাৰতৰ বাবে সম্পূৰ্ণৰূপে উৰণক্ষেত্ৰ বন্ধ কৰিব পাৰে।

  • Share this:
পাকিস্তানে তিনিদিনৰ বাবে বন্ধ কৰিলে কৰাচী উৰণক্ষেত্ৰ। ইমৰাণ খানৰ এই সিদ্ধান্তৰ পিছত কৰাচী উৰণক্ষেত্ৰত কোনো দেশৰ বিমানৰ উৰণৰ অনুমতি নাথাকিব। পাকিস্তান চৰকাৰৰ মন্ত্ৰী ফৱাদ হুছেইন চৌধুৰীয়ে ইয়াৰ পূৰ্বে কৈছিল যে ইমৰাণ খানে ভাৰতৰ বাবে সকলো উৰণক্ষেত্ৰ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ বাবে চিন্তা–চৰ্চা কৰি আছে। অৱশ্যে কাৰিকৰী সমস্যাৰ বাবেহে কৰাচী উৰণক্ষেত্ৰ বন্ধ কৰা বুলি প্ৰকাশ কৰিছে বিমানবন্দৰ কৰ্তৃপক্ষই।

ইয়াৰ পূৰ্বে পাকিস্তানৰ মন্ত্ৰী ফৱাদ হুছেইন চৌধুৰীয়ে কৈছিল যে প্ৰধানমন্ত্ৰী ইমৰাণ খানে ভাৰতৰ বাবে সম্পূৰ্ণৰূপে উৰণক্ষেত্ৰ বন্ধ কৰিব পাৰে। ইয়াৰ লগতে আফগানিস্তান আৰু ভাৰতৰ মাজত হ’বলগীয়া বাণিজ্যৰ বাবে পাকিস্তানী পথ ব্যৱহাৰতো সম্পূৰ্ণৰূপে নিষেধাজ্ঞা জাৰি কৰিব পাৰে। ইমৰাণ খানৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ভাৰতৰ বাবে এয়াৰস্পেচ আৰু স্থলপথ ব্যৱহাৰত নিষেধাজ্ঞাৰ সিদ্ধান্ত লৈছে পাকিস্তানে।

ফৱাদ হুছেইন চৌধুৰীয়ে টুইটাৰত উল্লেখ কৰে যে ‘প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ বাবে এয়াৰস্পেচ সম্পূৰ্ণৰূপে বন্ধ কৰাক লৈ চিন্তা–চৰ্চা কৰি আছে। আফগানিস্তান আৰু ভাৰতৰ মাজত বাণিজ্যৰ ক্ষেত্ৰত পাকিস্তানী স্থলপথ ব্যৱহাৰত সম্পূৰ্ণৰূপে বন্ধ কৰাৰো পৰামৰ্শ দিয়া হৈছে। এই সিদ্ধান্তৰ আইনী আনুষ্ঠানিকতাৰ ওপৰচ আলোচনা হৈ আছে... মোদীয়ে আৰম্ভ কৰিলে, আমি তাক শেষ কৰিম।’




উল্লেখযোগ্য যে বালাকোটত জঈছ–ই–মহম্মদৰ ঘাটিত ভাৰতীয় বায়ুসেনাৰ আক্ৰমণৰ পিছতে নিজৰ এয়াৰস্পেচ ফেব্ৰুৱাৰী মাহত বন্ধ কৰি দিছিল পাকিস্তানে। তাৰ পিছত পাকিস্তানে ১৫ মে’ত ভাৰতৰ বিমানৰ বাবে নিজৰ উৰণক্ষেত্ৰত থকা নিষেধাজ্ঞা ৩০ মে’লৈকে বৃদ্ধি কৰিছিল। ১৬ জুলাইত সকলো অসামৰিক বিমানৰ বাবে পাকিস্তানে খুলি দিছিল নিজৰ উৰণক্ষেত্ৰ।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading