মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »Bus Blast in Pakistan: পাকিস্তানত বিস্ফোৰণত নিহত ৯ চীনা নাগৰিক, ঘটনা লুকুওৱাৰ চেষ্টা পাক চৰকাৰৰ

Bus Blast in Pakistan: পাকিস্তানত বিস্ফোৰণত নিহত ৯ চীনা নাগৰিক, ঘটনা লুকুওৱাৰ চেষ্টা পাক চৰকাৰৰ

 এতিয়াও এয়া বোমা নে গেছ লিকৰ বাবে হোৱো বিস্ফোৰণ তাক লৈ পাকিস্তান চৰকাৰ নিশ্চিত নহয়।

এতিয়াও এয়া বোমা নে গেছ লিকৰ বাবে হোৱো বিস্ফোৰণ তাক লৈ পাকিস্তান চৰকাৰ নিশ্চিত নহয়।

এতিয়াও এয়া বোমা নে গেছ লিকৰ বাবে হোৱো বিস্ফোৰণ তাক লৈ পাকিস্তান চৰকাৰ নিশ্চিত নহয়।

  • Share this:

চীন আৰু পাকিস্তানৰ মাজত কূটনৈতিক মিত্ৰতাৰ মাজতে পাকিস্তানত এখন বাছৰ বিস্ফোৰণত নিহত হ'ল ৯গৰাকী চীনা নাগৰিক। পাকিস্তানৰ উত্তৰ অঞ্চলৰ খাইবাৰ পাখতুনখোৱা প্ৰদেশত পুৱা এখন বাছত হোৱা বিস্ফোৰণত ১৩গৰাকী লোক নিহত হয়। তেওঁলোকৰ ভিতৰত ৯জন চীনা নাগৰিক।


ঘটনাটোত আন বহুতো লোক আহত হৈছিল। স্থানীয় সময় অনুসৰি পুৱা প্ৰায় ৭.৩০ বজাত দুৰ্ঘটনাটো সংঘটিত হৈছিল। বাছখনে উক্ত লোকসকলক ওচৰৰ দাচু জলবিদ্যুৎ প্ৰকল্পলৈ লৈ গৈ আছিল। দাচু জলবিদ্যুৎ প্ৰকল্প হৈছে চীন-পাকিস্তান অৰ্থনৈতিক ক'ৰিডৰ (CPEC)ৰ এক প্ৰকল্প। তাত কেইবা বছৰ ধৰি বহুতো চীনা অভিযন্তা আৰু পাকিস্তানী শ্ৰমিকে কাম কৰি আছে।


কিন্তু বোমা বিস্ফোৰণৰ ঘটনাক গাপ দিব বিচাৰি পাকিস্তানে এয়া এক দুৰ্ঘটনা বুলি প্ৰচাৰ চলাইছিল যদিও চীনা দূতবাসে ইয়াক বোমা আক্ৰমণ বুলি নিশ্চিতি দিয়ে। এতিয়াও এয়া বোমা নে গেছ লিকৰ বাবে হোৱো বিস্ফোৰণ তাক লৈ পাকিস্তান চৰকাৰ নিশ্চিত নহয়।  আনহাতে এই ঘটনাক লৈ চীনা বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ জাও লিজিয়ানে উদ্বেগ প্ৰকাশ কৰে। তেওঁ প্ৰধানমন্ত্ৰী ইমৰান খানক এইক্ষেত্ৰত উচিত তদন্ত কৰাৰ আহ্বান জনায়।


উল্লেখ্য চীনা চৰকাৰৰে পাকিস্তান চৰকাৰৰ মিত্ৰতাক লৈ দেশখনৰ বহুসংখ্যক নাগৰিকৰ সন্মতি নাই। কেইমাহমান আগেয়ে চীনা ৰাষ্ট্ৰদূতক লক্ষ্য কৰি পাকিস্তানৰ এখন হোটেলত বোমা বিস্ফোৰণ ঘটাইছিল বিদ্ৰোহীয়ে।

শেহতীয়া বাতৰি