অনুচ্ছেদ ৩৭০ বাতিল, ভাৰতৰ সৈতে কূটনৈতিক,বাণিজ্যিক সম্পৰ্ক ছেদ পাকিস্তানৰ!

নাৰাজ পাকিস্তান!

News18-Assam
Updated:August 7, 2019, 9:37 PM IST
অনুচ্ছেদ ৩৭০ বাতিল, ভাৰতৰ সৈতে কূটনৈতিক,বাণিজ্যিক সম্পৰ্ক ছেদ পাকিস্তানৰ!
Source-Google
News18-Assam
Updated: August 7, 2019, 9:37 PM IST
ভাৰতৰ এটা আভ্যন্তৰীণ বিষয়! কিন্তু বিষয়টোকলৈ এতিয়া নাৰাজ পাকিস্তান।জম্মু কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্যদা প্ৰদান কৰা ভাৰতৰ সংবিধানৰ ৩৭০ নং অনুচ্ছেদ বাতিল কৰাৰ পিছত এতিয়া জাঙুৰ খাই উঠিছে চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তান।জম্মু-কাশ্মীৰৰ পৰা ভাৰতে ৩৭০ অনুচ্ছেদ বিলুপ্ত কৰাৰ পিছত এতিয়া ভাৰতৰ সৈতে থকা দ্বি-পাক্ষীক বাণিজ্যিক সম্পৰ্ক ছেদ কৰাৰ সিদ্ধান্ত লৈছে পাকিস্তানে। সেইদৰে বিষয়তো পাকিস্তানে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদতো উত্থাপন কৰিব বুলি জানিবলৈ দিছে।



সংসদত ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহে পাকিস্তান অধিকৃত কাশ্মীৰ ভাৰতৰ পৰৱৰ্তী লক্ষ্য বুলি মন্তব্য কৰাৰ পিছতে পাকিস্তানে বিষয়টো অতি গুৰুতিব সহকাৰে লৈছে বুলি বিভিন্ন সংবাদমাধ্যমত প্ৰকাশ পাইছে। ভাৰতৰ সৈতে পাকিস্তানৰ যি কূটনৈতিক সম্পৰ্ক আছিল, সেই সম্পৰ্কও এতিয়াৰ পৰা ৰক্ষা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে পাকিস্তানে। অনুষ্ঠিত হোৱা পাকিস্তানৰ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ বৈঠকত এনে কেত বোৰ সিদ্ধান্ত গ্ৰহণ কৰে পাকিস্তানে।
আৰু চাওক পৰৱৰ্তী বাতৰি