অৱতৰণৰ সময়তে বনৰীয়া গাহৰিৰ সৈতে বিমানৰ খুন্দা, তাৰ পিছত কি হ’ল?

News18 Assam | News18-Assam
Updated:January 23, 2020, 2:17 PM IST
অৱতৰণৰ সময়তে বনৰীয়া গাহৰিৰ সৈতে বিমানৰ খুন্দা, তাৰ পিছত কি হ’ল?
সাংকেতিক ফটো

অৱতৰণৰ সময়ত ৰানৱে’লৈ ওলাই অহা এটা গাহৰিৰ সৈতে খুন্দা লাগি কথমপি দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে বিমানখন।

  • Share this:
বিমান বন্দৰত অৱতৰণৰ সময়তে এটা বনৰীয়া গাহৰিৰ সৈতে বিমানৰ খুন্দা। বিমানখন অৱতৰণৰ সময়ত ৰানৱে’লৈ ওলাই অহা এটা গাহৰিৰ সৈতে খুন্দা লাগি কথমপি দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে বিমানখন।

ঘটনাটো পাকিস্তানৰ ইছলামাবাদ বিমানবন্দৰৰ। এতিহাদৰ A320-200 নম্বৰৰ এখন বিমানৰ সৈতে ৰানৱে’লৈ হঠাৎ ওলাই অহা এটা বন গাহৰিৰ খুন্দা লাগে। হঠাৎ সংঘটিত হোৱা এই ঘটনাৰ পিছতে পাইলটে জানিব পাৰে যে কোনো জন্তুৰ সৈতে খুন্দা লাগিছে বিমানখনৰ। অৱশ্যে সৌভাগ্যক্ৰমে সংঘটিত নহ’ল কোনো দুৰ্ঘটনা।

কিন্তু বিমানবন্দৰত প্ৰৱেশ কৰা গাহৰিটো কৰ্তৃপক্ষৰ কিয় চকুত নপৰিল তাক লৈ উঠিছে প্ৰশ্ন। কাৰণ এনেধৰণৰ ঘটনাৰ ফলত ডাঙৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰবল।
আৰু চাওক
পৰৱৰ্তী বাতৰি