পাকিস্তানৰ পৰা আহিছে এক বেদনাদায়ক দুৰ্ঘটনাৰ খবৰ। বৃহস্পতিবাৰে কুৱেটা অভিমুখী জাফৰ এক্সপ্ৰেছত বিস্ফোৰণ সংঘটিত হয়। এই বিস্ফোৰণত কমেও দুজন যাত্ৰী নিহত হোৱাৰ লগতে আন চাৰিজন আহত হয়। কুৱেটালৈ যোৱা জাফৰ এক্সপ্ৰেছ চিচাভাটনি ৰেলৱে ষ্টেচনৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়তে সংঘটিত হয় এই বিস্ফোৰণ। পেছাৱৰৰ পৰা আহি আছিল জাফ্ফৰ এক্সপ্ৰেছ।
ARY নিউজৰ তথ্য অনুসৰি জাফৰ এক্সপ্ৰেছৰ ইকনমি ক্লাছৰ ৬ নম্বৰ দবাত সংঘটিত হয় এই বিস্ফোৰণ। যাৰ ফলত দুজন লোকৰ মৃত্যু হয় আৰু কমেও চাৰিজন লোক আহত হয়। যিসকলক চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। সূত্ৰ অনুসৰি বিস্ফোৰণৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। এই বিস্ফোৰণ কেনেকৈ সংঘটিত হ'ল আৰু কোনে কৰিলে সেয়া এতিয়াও তদন্ত অব্যাহত আছে।
এমাহৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে লক্ষ্য কৰি লোৱা হৈছে
কুৱেটালৈ যোৱা জাফৰ এক্সপ্ৰেছক লক্ষ্য কৰি বিস্ফোৰণ ঘটা এমাহৰ ভিতৰত এইটো দ্বিতীয়টো কাণ্ড। ইয়াৰ পূৰ্বে ৩০ জানুৱাৰীত বেলুচিস্তানৰ কাছি জিলাৰ মাচ অঞ্চলৰ সমীপৰ জাফৰ এক্সপ্ৰেছত বিস্ফোৰণ সংঘটিত হৈছিল। য’ত আহত হৈছে কমেও ৮ জন যাত্ৰী। ইয়াৰে দুজন গুৰুতৰভাৱে আহত হোৱাৰ লগতে ৰে’লৰ দুটা বগী ৰেলপথৰ পৰা ওলাই যায়।
ৰে’ল বিভাগৰ বিষয়াসকলৰ মতে, মাচৰ পৰা পেছাৱৰলৈ গৈ থকা জাফৰ এক্সপ্ৰেছখন চিবি ৰে’লপথৰ সমীপত লক্ষ্য কৰি লোৱা হয়। উল্লেখযোগ্য় যে পাকিস্তানৰ নিৰাপত্তা বাহিনীক আক্ৰমণকে ধৰি শেহতীয়াকৈ বিধ্বংসী কাৰ্যকলাপৰ বাবে সন্ত্ৰাসবাদী সংগঠন টেহৰিক-ই-তালিবান পাকিস্তানক দোষাৰোপ কৰা হৈছে। যোৱা মাহত মছজিদত আত্মঘাতী আক্ৰমণ চলোৱাৰ আঁৰত ইয়াৰ আঁৰ আছিল বুলি জানিব পৰা গৈছে, য’ত ১০০ৰো অধিক লোকৰ মৃত্যু হৈছিল, য’ত বেছিভাগেই আছিল আৰক্ষী।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।