মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »পাকিস্তান নাৰাজ! নিষিদ্ধ কৰিলে ভাৰতীয় চিনেমা, বিজ্ঞাপনৰ লগতে সকলো ভাৰতীয় শিল্পীক

পাকিস্তান নাৰাজ! নিষিদ্ধ কৰিলে ভাৰতীয় চিনেমা, বিজ্ঞাপনৰ লগতে সকলো ভাৰতীয় শিল্পীক

Source-Google

Source-Google

চুড়ান্ত ভাবে অৱনতি ঘটিছে ভাৰত আৰু পাকিস্তানৰ মাজত বৈদেশিক সম্পৰ্ক।

  • Share this:
    চুড়ান্ত ভাবে অৱনতি ঘটিছে ভাৰত আৰু পাকিস্তানৰ মাজত বৈদেশিক সম্পৰ্ক। কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰা ভাৰতীয় সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিল আৰু সংসদৰ মজিয়াত ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহে পাকিস্তান অধিকৃত কাশ্মীৰ ভাৰতৰ পৰৱৰ্তী লক্ষ্য বুলি উল্লেখ কৰাৰ পিছৰে পৰা ভাৰতৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে পাকিস্তানে। দেশ দুখনৰ সম্পৰ্ক এতিয়া এনে অৱস্থা পাইছে গৈ যে, ভাৰতৰ সৈতে সকলো ব্যৱসায়িক সম্পৰ্ক ছেদ কৰিছে পাকিস্তানে।

    শুক্ৰবাৰে পাকিস্তান চৰকাৰে দেশখনত সকলো ভাৰতীয় চিনেমা, বিজ্ঞাপনৰ লগতে ভাৰতীয় শিল্পীকো নিষিদ্ধ ঘোষণা কৰিলে। সেইদৰে এতিয়াৰ পৰা পাকিস্তানৰ টেলিভিচনৰ কোনো বিজ্ঞাপনতে কোনো ধৰণৰ ভাৰতীয় অভিনেতা অভিনেত্ৰীকো ল’ব নোৱাৰিব। সেইদৰে চিডিৰ আকাৰত যিমান খিনি ভাৰতীয় চিনেমা এতিয়াও পাকিস্তানত উপলব্ধ আছে, সেই সকলো খিনি পৰীক্ষা কৰিব পাকিস্তান চৰকাৰে।  ইতিমধ্যে এই সম্পৰ্কত চৰকাৰী জাননী জাৰি কৰিছে পাকিস্তান চৰকাৰে।

    শেহতীয়া বাতৰি