১৫ আগষ্টৰ এদিন পূৰ্বে পাকিস্তানী সেনাই ভাৰতক দিলে যুদ্ধৰ ভাবুকি

পাকিস্তানী সেনাৰ মুখপাত্ৰ মেজৰ জেনেৰেল আছিফ গফুৰে কয় যে কাশ্মীৰৰ সত্য ১৯৪৭ চনৰ অবৈধ নথিৰেও সলনি নহয় আৰু ভৱিষ্যতেও কোনেও কৰিব নোৱাৰে।

News18-Assam
Updated:August 14, 2019, 6:14 PM IST
১৫ আগষ্টৰ এদিন পূৰ্বে পাকিস্তানী সেনাই ভাৰতক দিলে যুদ্ধৰ ভাবুকি
পাকিস্তানী সেনাৰ মুখপাত্ৰ মেজৰ জেনেৰেল আছিফ গফুৰে কয় যে কাশ্মীৰৰ সত্য ১৯৪৭ চনৰ অবৈধ নথিৰেও সলনি নহয় আৰু ভৱিষ্যতেও কোনেও কৰিব নোৱাৰে।
News18-Assam
Updated: August 14, 2019, 6:14 PM IST
জম্মু–কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ পিছৰে পৰা শংকিত পাকিস্তানে ভাৰতক দি আহিছে এটাৰ পিছত এটাকৈ ভাবুকি। ভাৰতৰ স্বাধীনতা দিৱসৰ এদিন পূৰ্বে পাকিস্তানৰ সেনাই কাশ্মীৰৰ বাবে যুদ্ধৰ ভাবুকি দিছে। পাকিস্তানী সেনাৰ মুখপাত্ৰ মেজৰ জেনেৰেল আছিফ গফুৰে কয় যে কাশ্মীৰৰ সত্য ১৯৪৭ চনৰ অবৈধ নথিৰেও সলনি নহয় আৰু ভৱিষ্যতেও কোনেও কৰিব নোৱাৰে।

গফুৰে কয় যে কাশ্মীৰ প্ৰসংগত ভাৰতৰ সৈতে কেতিয়াও কোনো চুক্তি কৰা নহয়। আমি যিকোনো মূল্যৰ বিনিময়ত কাশ্মীৰীসকলৰ পক্ষত থাকিম। পাকিস্তানৰ সেনা জম্মু–কাশ্মীৰৰ বাবে যিকোনো সময়তে যিকোনো পৰিস্থিতিতে সাজু আছে। আমাৰ সেনাই কাশ্মীৰ প্ৰসংগত নিজৰ ৰাষ্ট্ৰীয় কৰ্তব্য পালন কৰিবলৈ সম্পূৰ্ণৰূপে সাজু আছে।

পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে পাক অধিকৃত কাশ্মীৰ বিধানসভাত কয় যে জম্মু–কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ সিদ্ধান্ত ভাৰতৰ নৰেন্দ্ৰ মোদী চৰকাৰৰ ডাঙৰ ভুল। তেওঁ কয় যে যিকোনো পৰিস্থিতিতে তেওঁ কাশ্মীৰৰ জনতাৰ সৈতে থাকিব।
আৰু চাওক পৰৱৰ্তী বাতৰি