বাবৰক লৈ চলচ্চিত্ৰ নিৰ্মাণৰ কথা ঘোষণা কৰিলে পাকিস্তানে। পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে (Imran Khan) ঘোষণা কৰিছে যে ইছলামাবাদ আৰু তাচখন্দে (উজবেকিস্তানৰ ৰাজধানী) প্ৰথম মোগল শাসক জাহিৰুদ্দিন বাবৰৰ ওপৰত এখন চলচ্চিত্ৰ নিৰ্মাণ কৰিব। ইয়াৰ উদ্দেশ্য যুৱসকলক দুয়োখন দেশৰ মাজত অংশীদাৰী ঐতিহ্যৰ বিষয়ে শিক্ষিত কৰা।
উজবেকিস্তানৰ ৰাষ্ট্ৰপতি শ্বাভকট মিৰ্জিয়োয়েভৰ সৈতে হোৱা এক যুটীয়া সংবাদমেলত ইমৰান খানে কয়, 'আমি এতিয়া মহান মোগলসকলৰ ভিতৰত প্ৰথম জাহিৰুদ্দিন বাবৰৰ ওপৰত এখন চলচ্চিত্ৰ নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছো। ই এক অতি ৰোমাঞ্চকৰ সিদ্ধান্ত।' প্ৰধানমন্ত্ৰী খানে লগতে কয়- 'বাবৰৰ ৰাজবংশই ৩০০ বছৰ ধৰি ভাৰত শাসন কৰিছিল, যেতিয়া ভাৰতক বিশ্বৰ অন্যতম "ধনী" স্থান হিচাপে গণ্য কৰা হৈছিল।'
উল্লেখ্য, বাবৰে ভাৰতত মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। উজবেকিস্তানৰ সৈতে মিলি পাকিস্তানে নিৰ্মাণ কৰিবলগীয়া চলচ্চিত্ৰখনত বাবৰক কিদৰে তুলি ধৰে সেয়া সময়ে ক'ব যদিও ই ভাৰতত এক মিশ্ৰিত প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ সম্ভাৱনা আছে। ইমৰান খানে উজবেকিস্তানক মিৰ্জা গালিব, ইমাম বুখাৰীৰ ওপৰতো চলচ্চিত্ৰ নিৰ্মাণ কৰা উচিত বুলি মত প্ৰকাশ কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|