পাকিস্তানৰ এয়াৰস্পেচেৰেই যাব প্ৰধানমন্ত্ৰী মোদীৰ বিমান

আনুষ্ঠানিকতা সম্পন্ন হোৱাৰ পিছতে ভাৰত চৰকাৰক এই সন্দৰ্ভত অৱগত কৰাব পাকিস্তানে।

news18assam
Updated:June 11, 2019, 9:06 AM IST
পাকিস্তানৰ এয়াৰস্পেচেৰেই যাব প্ৰধানমন্ত্ৰী মোদীৰ বিমান
আনুষ্ঠানিকতা সম্পন্ন হোৱাৰ পিছতে ভাৰত চৰকাৰক এই সন্দৰ্ভত অৱগত কৰাব পাকিস্তানে।
news18assam
Updated: June 11, 2019, 9:06 AM IST
ভাৰত আৰু পাকিস্তানৰ মাজত বিগত কেইবামাহো ধৰি অব্যাহত আছে উত্তেজনা। ইয়াৰ মাজতে এটা ভাল খবৰ। পাকিস্তানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিমান কিৰ্গিস্তানলৈ যোৱাৰ বাবে নিজৰ এয়াৰস্পেচ ব্যৱহাৰ কৰাৰ অনুমতি প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰী মোদী ১৩ আৰু ১৪ জুনত এছ চি অ’ বৈঠকত অংশগ্ৰহণৰ বাবে ৰাওনা হ’ব। জানিব পৰা মতে, ভাৰত চৰকাৰে মোদীৰ বিমান পাকিস্তানৰ এয়াৰস্পেচেৰে যোৱাৰ বাবে অনুমতি বিচাৰিছিল। পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে সোমবাৰে ভাৰত চৰকাৰৰ অনুৰোধ ৰক্ষা কৰি এই অনুমতি প্ৰদান কৰে।

এছ চি অ’ বৈঠকত উপস্থিত থাকিব পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানো। প্ৰধানমন্ত্ৰী মোদী আৰু ইমৰাণ খানৰ মাজত সাক্ষাৎ হোৱাৰো সম্ভাৱনা আছে। উল্লেখযোগ্য যে বালাকোটত ভাৰতীয় বায়ুসেনাৰ আক্ৰমণৰ পিছৰে পৰা পাকিস্তানে ২৬ ফেব্ৰুৱাৰীত নিজৰ এয়াৰস্পেচ সম্পূৰ্ণৰূপে বন্ধ কৰি দিছিল। পিছত কেৱল দুটা পথ খুলি দিয়া হৈছিল। এই দুয়োটা পথ দক্ষিণ পাকিস্তানৰ ওপৰেৰে গৈছে।

প্ৰধানমন্ত্ৰী মোদীৰ বিমান পাকিস্তানৰ এয়াৰস্পেচেৰে পাৰ হৈ যোৱাৰ অনুমতি প্ৰদান কৰিছে। আনুষ্ঠানিকতা সম্পন্ন হোৱাৰ পিছতে ভাৰত চৰকাৰক এই সন্দৰ্ভত অৱগত কৰাব পাকিস্তানে।
আৰু চাওক পৰৱৰ্তী বাতৰি