পাকিস্তানৰ পঞ্জাব অঞ্চলত আজি এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ আহিছে। ডেৰা গাজি খানত জিলাত এখন যাত্ৰীবাহী বাছ আৰু ট্ৰাকৰ মাজত ভয়ংকৰ সংঘৰ্ষ সংঘটিত হয়। এই দুৰ্ঘটনাত ৩০জনৰো অধিক লোক নিহত হোৱাৰ লগতে ৪০জনৰো অধিক লোক আহত হয়। হতাহত লোকসকলৰ ভিতৰত অধিকসংখ্যকে শ্ৰমিক।
বাছখন শিয়ালকোটৰ পৰা ৰাজনপুৰলৈ গৈ আছিল, সেই সময়তে ডেৰা গাজি খান জিলাৰ তাউনছা বাইপাছৰ সমীপত সিন্ধু ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত আহতসকলক সমীপৱৰ্তী হাস্পতালত ভৰ্তি কৰোৱা হয়। হাস্পতালৰ চিকিৎসা কৰ্মীয়ে জনায় যে ১৮জন লোকৰ হাস্পতাল পোৱাৰ পূৰ্বেই মৃত্যু হৈছিল। পাকিস্তানৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী ফৱাদ চৌধুৰীয়ে নিশ্চিত কৰিছে যে ডেৰা গাজি খানৰ সমীপত সংঘটিত দুৰ্ঘটনাত ৩০জন লোক নিহত হৈছে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : July 19, 2021, 18:10 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।