IND VS PAK : টছত জিকি ফিল্ডিঙৰ সিদ্ধান্ত পাকিস্তানৰ

News18-Assam
Updated:June 16, 2019, 2:49 PM IST
IND VS PAK : টছত জিকি ফিল্ডিঙৰ সিদ্ধান্ত পাকিস্তানৰ
টচত জয়লাভ পাকিস্তানৰ। প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত।

টচত জয়লাভ পাকিস্তানৰ। প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত।

  • Share this:
আজি ভাৰত আৰু পাকিস্তানৰ মাজত বিশ্বকাপৰ হাইভ’ল্টেজ মেচ। টছত জিকি পাকিস্তানে প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈছে। ভাৰতক বেটিঙৰ বাবে আমন্ত্ৰণ জনাইছে পাকিস্তানে।

ভাৰত পাকিস্তানৰ মেচ মানেই যেন অন্তহীন উত্‍কণ্ঠা। কিছুসময়ৰ পিছতে আৰম্ভ হ’ব বিশ্বকাপৰ হাইভ’ল্টেজ মেছখন। ৰাউণ্ড ৰবীন লীগৰ মেচত আজি ভাৰত আৰু পাকিস্তানৰ মাজত হ’ব বিশ্বকাপৰ বহু চৰ্চিত মেচ। মেচখনক লৈ ব্যাপক উৎকণ্ঠা ক্ৰিকেট অনুৰাগীৰ মাজত।

ভাৰতৰ মুল একাদশ– বিৰাট কোহলী(অধিনায়ক), কে এল ৰাহুল, ৰোহিত শৰ্মা, বিজয় শংকৰ, এম এছ ধোনী, হাৰ্ডিক পাণ্ডিয়া, কেদাৰ যাদৱ, কুলদ্বীপ যাদৱ, যুজবেন্দ্ৰ চহল, ভুবনেশ্বৰ কুমাৰ আৰু যশপ্ৰীত বুমৰাহ।
আৰু চাওক
পৰৱৰ্তী বাতৰি