বালাকোট এয়াৰ ষ্ট্ৰাইকৰ পিছতে পাকিস্তানী সন্ত্ৰাসবাদীয়ে স্থানান্তৰ কৰিছে শিবিৰ!

আফগানিস্তানত প্ৰশিক্ষণ লৈছে পাকিস্তানী সন্ত্ৰাসবাদী জইচ–ই–মহম্মদ, লস্কৰ–ই–তৈবাৰ দৰে সংগঠনে

News18-Assam
Updated:July 8, 2019, 10:40 AM IST
বালাকোট এয়াৰ ষ্ট্ৰাইকৰ পিছতে পাকিস্তানী সন্ত্ৰাসবাদীয়ে স্থানান্তৰ কৰিছে শিবিৰ!
আফগানিস্তানত প্ৰশিক্ষণ লৈছে পাকিস্তানী সন্ত্ৰাসবাদী জইচ–ই–মহম্মদ, লস্কৰ–ই–তৈবাৰ দৰে সংগঠনে
News18-Assam
Updated: July 8, 2019, 10:40 AM IST
পাকিস্তানী সন্ত্ৰাসবাদীয়ে এতিয়াও অব্যাহত ৰাখিছে ভাৰত বিৰোধী কাৰ্যকলাপ! কিন্তু সম্প্ৰতি পাকিস্তানৰ পৰিৱৰ্তে আফগানিস্তানত প্ৰশিক্ষণ গ্ৰহণ কৰি ভাৰত বিৰোধী কাৰ্যকলাপ চলাই আছে পাকিস্তানী সন্ত্ৰীসবাদী দলে। যোৱা ১৪ ফ্ৰেব্ৰুৱাৰীত ভাৰতীয় বায়ু সেনাই চলোৱা এয়াৰ ষ্ট্ৰাইকৰ পিছতে এতিয়া এনেদৰে নিজৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ চলোৱা স্থানৰ পৰিৱৰ্তন কৰিছে সন্ত্ৰীয়বাদী দল জইছ–লস্কৰে। । এই কথা ভাৰতৰ চোৰাংচোৱাই সদৰী কৰাৰ পিছতে এতিয়া দেশখনত থকা ভাৰতৰ দূতবাসত হাই এলাৰ্ট জাৰি কৰা হৈছে।

আফগান তালিবান আৰু হাক্কানী নেটৱৰ্কৰ সৈতে মিলি ডুৰাণ্ড লাইনৰ সমীপত এতিয়া পাকিস্তানী সন্ত্ৰাসবাদীয়ে শিবিৰ স্থাপন কৰিছে বুলি উল্লেখ কৰে ভাৰতৰ চোৰাংচোৱাই। তথ্য অনুসৰি সন্ত্ৰাসবাদী সংগঠন জইচ–ই–মহম্মদ, লস্কৰ–ই–তৈবাৰ দৰে সংগঠনে এতিয়া আফগানিস্তানৰ কান্দাহাৰৰ কুনাৰ, নানগাৰহৰ, নুৰিস্তানত এতিয়া সন্ত্ৰাসবাদীয়ে চলাই আছে ভাৰত বিৰোধী কাৰ্যকলাপ।
আৰু চাওক পৰৱৰ্তী বাতৰি