আচৰিত! ভাৰতীয় দললৈ সমৰ্থন পাকিস্তানী ক্ৰিকেট অনুৰাগীৰ

একাংশ পাকিস্তানী ক্ৰিকেট অনুৰাগীয়ে প্ৰশংসাৰে ওপচালে বিৰাট কোহলী–মহেন্দ্ৰ সিং ধোনীক

news18assam
Updated:June 30, 2019, 4:09 PM IST
আচৰিত! ভাৰতীয় দললৈ সমৰ্থন পাকিস্তানী ক্ৰিকেট অনুৰাগীৰ
একাংশ পাকিস্তানী ক্ৰিকেট অনুৰাগীয়ে প্ৰশংসাৰে ওপচালে বিৰাট কোহলী–মহেন্দ্ৰ সিং ধোনীক
news18assam
Updated: June 30, 2019, 4:09 PM IST
এতিয়া বিশ্বকাপৰ জ্বৰত আক্ৰান্ত সমগ্ৰ বিশ্ববাসী! আজি অনুষ্ঠিত হৈছে ভাৰত আৰু ইংলেণ্ডৰ মাজত বিশ্বকাপৰ হাই ভল্টাজ মেচ। তাৰ মাজতে আহিছে এক আমোদজনক খবৰ। চিৰবৈৰী পাকিস্তানৰ একাংশ ক্ৰিকেট অনুৰাগীয়ে এতিয়া মেচখনত ভাৰতে জয়লাভ কৰাতো মনে প্ৰাণে কামনা কৰিছে। ছচিয়েল মিডিয়াত একাংশ পাকিস্তান অনুৰাগীয়ে ভাৰতৰ সমৰ্থনত কৰিছে বিভিন্ন মন্তব্য। কোহলী আৰু ধোনীকো এতিয়া প্ৰশংসাৰে ওপচাই পেলাইছে পাকিস্তানৰ ক্ৰিকেট অনুৰাগীয়ে।

কিন্তু ইয়াৰ আঁৰত আছে অন্য এক ৰহস্য। আজি যদি মেচখনত ইংলেণ্ডে জয়লাভ কৰে তেন্তে ২০১৯ ৰ বিশ্বকাপত নিজৰ অভিযান সামৰিব লাগিব পাকিস্তানে। সেইদৰে যদি ভাৰতে জয়লাভ কৰে তেন্তে ছেমি ফাইনেল খেলাৰ আশা সজীৱ হৈ উঠিব পাকিস্তানৰ।

এতিয়ালৈকে পইণ্ট তালিকাৰ চতুৰ্থ আৰু পঞ্চম স্থানত আছে পাকিস্তান আৰু ইংলেণ্ড।




 

আৰু চাওক পৰৱৰ্তী বাতৰি