নিৰ্লজ্জ পাকিস্তান! ভাৰতীয় উচ্চায়ুক্তৰ ইফতাৰ পাৰ্টীত অতিথিক ধমক!

ইছলামাবাদত ভাৰতীয় উচ্চায়ুক্তৰ ইফতাৰ পাৰ্টীত আমন্ত্ৰিত অতিথিৰ সৈতে পাকিস্তানৰ নিৰাপত্তা সংস্থাৰ বিষয়া আৰু জোৱানে কৰিলে দুৰ্ব্যৱহাৰ।

news18assam
Updated:June 2, 2019, 12:09 PM IST
নিৰ্লজ্জ পাকিস্তান! ভাৰতীয় উচ্চায়ুক্তৰ ইফতাৰ পাৰ্টীত অতিথিক ধমক!
ইছলামাবাদত ভাৰতীয় উচ্চায়ুক্তৰ ইফতাৰ পাৰ্টীত আমন্ত্ৰিত অতিথিৰ সৈতে পাকিস্তানৰ নিৰাপত্তা সংস্থাৰ বিষয়া আৰু জোৱানে কৰিলে দুৰ্ব্যৱহাৰ।
news18assam
Updated: June 2, 2019, 12:09 PM IST
আকৌ এবাৰ লজ্জাজনক কাণ্ড পাকিস্তানৰ। ইছলামাবাদত ভাৰতীয় উচ্চায়ুক্তৰ ইফতাৰ পাৰ্টীত আমন্ত্ৰিত অতিথিৰ সৈতে পাকিস্তানৰ নিৰাপত্তা সংস্থাৰ বিষয়া আৰু জোৱানে কৰিলে দুৰ্ব্যৱহাৰ। অতিথিসকলৰ সৈতে হতাহতিত লিপ্ত হোৱাৰ লগতে অশালীন শব্দও প্ৰয়োগ কৰে। ইছলামাবাদৰ ছেৰেনা হোটেলত ভাৰতীয় উচ্চায়ুক্তই শনিবাৰে আয়োজন কৰিছিল ইফতাৰ পাৰ্টীৰ। এই উপলক্ষে আমন্ত্ৰণ জনোৱা হৈছিল বহু অতিথিক।

জানিব পৰা মতে, ইফতাৰ পাৰ্টীলৈ অহা অ‍ভ্যাগতক হোটেলৰ বাহিৰত ৰখোৱা হয়। সকলো অতিথিৰ তালাচী লয় পাকিস্তানৰ নিৰাপত্তা সংস্থাই। ভাৰতীয় বিষয়া আৰু অতিথিসকলে ইয়াৰ বিৰোধিতা কৰাত তেওঁলোকৰ সৈতে হতাহতি আৰু তৰ্কযুদ্ধত লিপ্ত হয় পাকিস্তানৰ নিৰাপত্তা বিষয়া আৰু জোৱানসকল।

এই সমগ্ৰ ঘটনাত পাকিস্তানস্থিত ভাৰতীয় উচ্চায়ুক্ত অজয় বিছাৰিয়াই দুখ প্ৰকাশ কৰিছে। এটা ভিডিঅ’ত অজয় বিছাৰিয়াই কয় – মই ইয়ালৈ অহা সকলোকে ধন্যবাদ জনাইছো। বিশেষকৈ কৰাচী আৰু লাহোৰৰ পৰা অহা অতিথিসকলক। লগতে ভিতৰত প্ৰৱেশ কৰাত কিছু সমস্যাৰ সৃষ্টি হোৱা বাবে মই তেওঁলোকৰ ওচৰত ক্ষমা বিচাৰিছো। কিছুসংখ্যক বন্ধু পাৰ্টীলৈ আহিব নোৱাৰিলে। উল্লেখযোগ্য যে পাকিস্তানৰ এই কৰ্মকাণ্ড এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বে সংঘটিত কৰিছে এনেধৰণৰ ঘটনা।
আৰু চাওক পৰৱৰ্তী বাতৰি