হিন্দুস্তানৰ ওপৰত আক্ৰমণ কৰিবলৈ পাকিস্তানী সেনাক আদেশ দিম নেকি? – সাংসদক ইমৰাণ খানৰ প্ৰশ্ন

ইমৰাণ খানে ভাৰতক ভাবুকি দি সংসদত কয় যে জম্মু–কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ ফলত ভাৰতত পুলৱামাৰ দৰে ঘটনা সংঘটিত হ’ব।

News18-Assam
Updated:August 7, 2019, 12:46 PM IST
হিন্দুস্তানৰ ওপৰত আক্ৰমণ কৰিবলৈ পাকিস্তানী সেনাক আদেশ দিম নেকি? – সাংসদক ইমৰাণ খানৰ প্ৰশ্ন
ইমৰাণ খানে ভাৰতক ভাবুকি দি সংসদত কয় যে জম্মু–কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ ফলত ভাৰতত পুলৱামাৰ দৰে ঘটনা সংঘটিত হ’ব।
News18-Assam
Updated: August 7, 2019, 12:46 PM IST
জম্মু–কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ আৰু জম্মু–কাশ্মীৰ পুনৰ গঠন বিধেয়কত সংসদৰ দুয়োখন সদনে মঞ্জুৰি দিয়াক লৈ শংকিত পাকিস্তান। পাকিস্তানৰ এই শংকা আজি প্ৰকট হ’ল পাকিস্তানৰ সংসদত। বিৰোধী নেতা তথা পিএমএল–এনৰ নেতা শ্বেহবাজ শ্বৰীফে কয় যে জম্মু–কাশ্মীৰত অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰক লৈ পাকিস্তানে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা উচিত।

শ্বেহবাজ শ্বৰীফৰ দাবীক লৈ প্ৰধানমন্ত্ৰী ইমৰান খানে প্ৰশ্ন কৰে যে বিৰোধী নেতাসকলে কি বিচাৰে? মই পাকিস্তানী সেনাক ভাৰতৰ ওপৰত আক্ৰমণ কৰাৰ নিৰ্দেশ দিয়া উচিত নেকি? ইমৰান খান আৰু পাকিস্তানৰ বিদেশ মন্ত্ৰণালয়ৰ বাদে দেশখনৰ সেনাৰ লগতে বহু লোকে মোদী চৰকাৰৰ এই সিদ্ধান্তক লৈ ভাৰতৰ বিৰুদ্ধে মন্তব্য কৰিছে। পাকিস্তানৰ মন্ত্ৰী চৌধুৰী ফৱাদ হুছেইনে টুইটাৰযোগে কয় যে মোদী চৰকাৰে কাশ্মীৰক দ্বিতীয় পেলেষ্টাইন বনাব বিচাৰে। যদি যুদ্ধ আৰম্ভ হয় তেন্তে আমি সাজু থকা উচিত।

ইমৰাণ খানে ভাৰতক ভাবুকি দি সংসদত কয় যে জম্মু–কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ ফলত ভাৰতত পুলৱামাৰ দৰে ঘটনা সংঘটিত হ’ব। আমি এই বিষয়টো ৰাষ্ট্ৰসংঘলৈ লৈ যাম। আমি বিশ্ব সম্প্ৰদায়ক জনাম যে বিজেপিৰ বৰ্ণবাদী চিন্তাধাৰাৰ বাবে ভাৰতত সংখ্যালঘুৰ সৈতে কেনে ধৰণৰ ব্যৱহাৰ কৰা হৈছে।
আৰু চাওক পৰৱৰ্তী বাতৰি