কোৰোণাত আক্ৰান্ত হ’ল পাকিস্তানৰ তাৰকা ক্ৰিকেটাৰ শ্বাহিদ আফ্ৰিডী

News18 Assam | News18-Assam
Updated:June 13, 2020, 3:23 PM IST
কোৰোণাত আক্ৰান্ত হ’ল পাকিস্তানৰ তাৰকা ক্ৰিকেটাৰ শ্বাহিদ আফ্ৰিডী
পাকিস্তানৰ প্ৰাক্তন অলৰাউণ্ডাৰ গৰাকীয়ে নিজে ছচিয়েল মিডিয়াত এই কথা সদৰী কৰে।

পাকিস্তানৰ প্ৰাক্তন অলৰাউণ্ডাৰ গৰাকীয়ে নিজে ছচিয়েল মিডিয়াত এই কথা সদৰী কৰে।

  • Share this:
কোৰোণা ভাইৰাছত আক্ৰান্ত হ’ল পাকিস্তানৰ তাৰকা ক্ৰিকেটাৰ শ্বাহিদ আফ্ৰিডী। পাকিস্তানৰ প্ৰাক্তন অলৰাউণ্ডাৰ গৰাকীয়ে নিজে ছচিয়েল মিডিয়াত এই কথা সদৰী কৰে। বৃহস্পতিবাৰৰ পৰা শৰীৰ সাংঘাতিক বেয়া আছিল শ্বাহিদ আফ্ৰিডীৰ। পিছত স্বাৱ টেষ্ট কৰাত তেওঁৰ শৰীৰত কোৰোণা পজিটিভ পোৱা গ’ল।

এতিয়া পাকিস্তানৰ চিকিৎসালত ভৰ্তি হোৱা এসময়ৰ দুৰ্দান্ত অলৰাউণ্ডাৰ গৰাকীয়ে সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছে। আফ্ৰিডীৰ পূৰ্বে পাকিস্তানৰ আন দুগৰাকী ক্ৰিকেটাৰ ক্ৰমে তৌফিক ওমৰ আৰু জাফৰ ছৰফৰাজৰ দেহতো কোৰোণাৰ অৱস্থিতি ধৰা পৰিছিল। উল্লেখযোগ্য যে ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণৰ পিছত সামাজিক কামত দিনে নিশাই লাগিছিল শ্বাহিদ আফ্ৰিডীয়ে।

কিছুদিন পূৰ্বে পাকিস্তানত বহু দৰিদ্ৰ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰিছিল শ্বাহিদ আফ্ৰিডীয়ে। কভিড ১৯ৰ বিৰুদ্ধে যুজ দিয়াৰ বাবেই পাকিস্তানৰ প্ৰাক্তন অলৰাউণ্ডাৰ গৰাকীয়ে অলপতে বাংলাদেশৰ ক্ৰিকেটাৰ মছফিকাৰ ৰহিমে নিলামত দিয়া তেওঁৰ মৰমৰ দামী বেটখন বিক্ৰী কৰিছিল। যা’তে সেই টকাৰে কোনো লোকৰ সহায় হব পাৰে।
First published: June 13, 2020, 3:23 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading