உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • Imran Khan: এইবাৰ উপহাৰক লৈ সংকটত পৰিছে ইমৰান খান, পাক উচ্চ ন্যায়ালয়ে দিলে গুৰুত্বপূৰ্ণ নিৰ্দেশ

    Imran Khan: এইবাৰ উপহাৰক লৈ সংকটত পৰিছে ইমৰান খান, পাক উচ্চ ন্যায়ালয়ে দিলে গুৰুত্বপূৰ্ণ নিৰ্দেশ

    (Image Source: PTV/ANI)

    (Image Source: PTV/ANI)

    Imran Khan: উল্লেখ্য যে যোৱা সপ্তাহত প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে অভিযোগ কৰিছিল যে ইমৰান খানে ১৪০ নিযুত টকা মূল্যৰ উপহাৰ ডুবাইত বিক্ৰী কৰিছিল।

    • Share this:
    গাদীচ্যুত হোৱাৰ পিছতো বিপদে লগ এৰা নাই পাকিস্তান (Pakistan)ৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান (Imran Khan)ৰ। আস্থা ভোটত পৰাজিত হৈ প্ৰধানমন্ত্ৰীৰ পদ হোৰুওৱা ইমৰানৰ লটিঘটি কমা নাই। বুধবাৰে ইমৰানৰ বিৰুদ্ধে আন এক নিৰ্দেশনা জাৰি কৰে পাকিস্তানৰ উচ্চ ন্যায়ালয়ে।

    পাকিস্তানৰ ইছলামাবাদ উচ্চ ন্যায়ালয়ে (Islamabad High Court) পাক চৰকাৰক নিৰ্দেশ দিয়ে যে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানে লাভ কৰা উপহাৰৰ হিচাপ ৰাজহুৱা কৰিব লাগে। প্ৰধানমন্ত্ৰী হিচাপে ২০১৮ চনৰ পৰা বিদেশী লোকৰ পৰা লাভ কৰা উপহাৰৰ তালিকা ৰাজহুৱা কৰিব লাগে বুলি নিৰ্দেশ দিয়ে ন্যায়ালয়ে।

    পাকিস্তান ইনফৰমেচন কমিচন (Pakistan Information Commission)ৰ প্ৰয়োগক লৈ ওজন লোকে কৰা আবেদনৰ শুনানি লৈ এই নিৰ্দেশ দিয়ে ন্যায়ালয়ে। এই নিৰ্দেশ অনুসৰি বিদেশী ৰাষ্ট্ৰ প্ৰধান, প্ৰধানমন্ত্ৰীকে ধৰি অন্য বিষয়াই দিয়া সকলো উপহাৰৰ হিচাপ দিবলৈ পাক চৰকাৰক নিৰ্দেশ দিয়া হৈছে।

    উল্লেখ্য যে লাভ কৰা উপহাৰসমূহৰ কিবা উপহাৰ যদি ইমৰান খানৰ লগত আছে তেন্তে কি নিয়মৰ অধীনত ইমৰানে সেইবোৰ লগত ৰাখিছে তাকো জনাবলৈ নিৰ্দেশ দিয়ে। ন্যায়ালয়ে কোৱা মতে পাকিস্তানৰ কোনো মন্ত্ৰীয়ে বা চৰকাৰী বিষয়াই যদি বিদেশী ৰাষ্ট্ৰৰ চৰকাৰৰ পৰা উপহাৰ লাভ কৰে সেয়া কোনো ব্যক্তিগত উপহাৰ নহৈ পাকিস্তান চৰকাৰৰ উপহাৰ হৈ পৰে। সেয়ে তেনে উপহাৰ কোনেও নিজৰ লগত ৰাখিব নোৱাৰে।

    উল্লেখ্য যে যোৱা সপ্তাহত প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে অভিযোগ কৰিছিল যে ইমৰান খানে ১৪০ নিযুত টকা মূল্যৰ উপহাৰ ডুবাইত বিক্ৰী কৰিছিল।
    Published by:Manjumoni Borah
    First published: