শিক্ষক, শিক্ষাৰ্থীৰ মাজত No প্ৰেম, No যৌন সম্পৰ্ক! এইখন বিশ্ববিদ্যালয়ে বান্ধি দিলে নতুন নিয়ম

শিক্ষক শিক্ষাৰ্থীৰ মাজত প্ৰেম বা যৌনতা মানি নলয় অক্সফোৰ্ডে। গৱেষণা কৰি দেখা গৈছে যে, এই ধৰণৰ সম্পৰ্ক বাঢ়ি অহাৰ ফলত সমাজত মহিলাজনিত অপৰাধ বাঢ়িছে।
শিক্ষক শিক্ষাৰ্থীৰ মাজত প্ৰেম বা যৌনতা মানি নলয় অক্সফোৰ্ডে। গৱেষণা কৰি দেখা গৈছে যে, এই ধৰণৰ সম্পৰ্ক বাঢ়ি অহাৰ ফলত সমাজত মহিলাজনিত অপৰাধ বাঢ়িছে।
- News18 Assam
- Last Updated: December 21, 2020, 8:43 PM IST
আগন্তুক নতুন বছৰৰ পৰাই প্ৰযোজ্য হ’ব এই নতুন নিয়ম। কোনো শিক্ষক-শিক্ষাৰ্থীৰ মাজত যদি এনে ধৰণৰ সম্পৰ্ক গঢ়ি উঠে, তেন্তে জনাব লাগিব বিশ্ববিদ্যালয় কৰ্তৃপক্ষক। আৰু এই ক্ষেত্ৰত বলপূৰ্বক আচৰণ কৰাৰ অভিযোগ উত্থাপিত হ’লে, শিক্ষক শিক্ষাৰ্থীক নিলম্বিত কৰা হ’ব।
অতীতৰ এনে বহু ঘটনাৰ ফলত বহু শিক্ষৰ্থীৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈছে। সেইদৰে বহুতৰে সংসাৰ ভংগ হৈছে। পাৰিবাৰিক অশান্তিৰ সৃষ্টি হৈছে। এই সিদ্ধান্ত গ্ৰহণ কৰা অক্স’ফোৰ্ডেই যে প্ৰখম, সেই কথা নহয়। ইয়াৰ পূৰ্বেও চেণ্ট হাফছ ইউনিভাৰ্চিটীয়ে সম্প্ৰতি শিক্ষকৰ সৈতে শিক্ষাৰ্থীৰ প্ৰেম বা যৌন সম্পৰ্ক নিষিদ্ধ কৰিছে। আনকি ওৰচেষ্টাৰ নামৰ এখন কলেজেও এই সন্দৰ্ভত চিন্তা চৰ্চা কৰিছে।