বুলবুলে প্ৰাণ কাঢ়িলে ২২জন লোকৰ, বাংলাদেশত ক্ৰমাৎ ক্ষান্ত হৈছে বুলবুল
News18-Assam Updated:November 11, 2019, 8:09 AM IST

বাংলাদেশ কৰ্তৃপক্ষই ইতিমধ্যে বংগোপ সাগৰৰ উত্তৰ অংশত মাছমৰীয়াৰ নাও আৰু ট্ৰ’লাৰ চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে।
বাংলাদেশ কৰ্তৃপক্ষই ইতিমধ্যে বংগোপ সাগৰৰ উত্তৰ অংশত মাছমৰীয়াৰ নাও আৰু ট্ৰ’লাৰ চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে।
- News18 Assam
- Last Updated: November 11, 2019, 8:09 AM IST
বাংলাদেশত দেওবাৰে ঘূৰ্ণীবতাহ ‘বুলবুল’ৰ ফলত মৃত্যু হয় ২২জন লোকৰ। বুলবুলে বিভীষিকাৰ সৃষ্টি কৰাৰ আশংকাত ২১ লাখতকৈ অধিক লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে। ঘণ্টাত ১২০ কিলোমিটাৰ বেগত বলা ধুমুহাৰ ফলত ক্ষতিগ্ৰস্ত হৈছে শ শ বাসগৃহ।
বাংলাদেশ কৰ্তৃপক্ষই ইতিমধ্যে বংগোপ সাগৰৰ উত্তৰ অংশত মাছমৰীয়াৰ নাও আৰু ট্ৰ’লাৰ চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে। লগতে নদীত নাও চলাচল অস্থায়ীভাৱে বন্ধ ৰখা হৈছে।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।