জন্তুৰ বুদ্ধিমত্তাৰ আচৰিত আচৰিত ঘটনা মাজে সময়ে পোৱা যায়। কিছুমান ক্ষেত্ৰত এইয়া পাৰয অবিশ্বাস্য যেনেই লাগে, এনে ভাৱ হয় যেন জন্তুৱেও এইটো কৰিব পাৰে !শেহতীয়াকৈ চীনৰ (China) এটা পশু উদ্যানৰ পুখুৰীত হোৱা ঘটনাই বিশ্তে আলোড়নৰ সৃষ্টি কৰিছে। উদ্যানখন চাবলৈ অহা এজন পৰ্যটকো ভিডিঅ' কৰি থাকোতে হঠাতে তেওঁৰ iPhoneটো পুখুৰীত পৰিল। জানিব পৰা মতে পুখুৰীটোত কেইবাটাও ঘৰিয়াল আছিল। সকলোৱে ভাবিছিল যে তেওঁ আৰু ম'বাইলটো নাপাব। কিন্তু অতি সহজেই মহিলাগৰাকীয়ে মোবাইলটো পালে। আচৰিত যে পুখুৰীটোত থকা উদ এটাই মহিলাগৰাকীৰ ম'বাইলটো আনি দিছিল।
উদটোৰ এইকাণ্ড এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে। উদৰটোৰ জ্ঞান আৰু বুদ্ধিৰ বিষয়ে আলোচনা হৈছে চৌদিশে। উদটোৱে কি ভাবি আৰু কিদৰে দুৰ্ঘটনাক্ৰমে পুখুৰীত পৰা পৰ্যটকৰ ফোনটো বিচাৰি আনি দিলে সেয়া আশ্চৰ্যজনক। ঘটনাটো ঘটিছিল যেতিয়া এজন চিৰিয়াখানাৰ ৰক্ষকে পুখুৰীৰ ওচৰত জন্তুবোৰক খুৱাই আছিল। জন্তুবোৰক খোৱাই থকা চাবলৈ তাত এটা ডাঙৰ ভিৰ জমা হৈছিল। প্ৰশিক্ষকৰ নিৰ্দেশত উদবোৰে কিছুমান আচৰিত কৌশল প্ৰদৰ্শন কৰি আছিল। সেই সময়তে, এগৰাকী মহিলাৰ ফোন পুখুৰীত পৰি যায়। ফোনটো পৰি যোৱাটো উদটোৱে লক্ষ্য কৰিছিল আৰু সি লগে লগে পুখুৰীৰ তলৰ পৰা মহিলাগৰাকীৰ ম'বাইলটো উলিয়াই আনিছিল। উদৰটোৱে মোবাইলটো মুখত লৈ মহিলাগৰাকীক ঘূৰাই দিছিল।
গোটেই ঘটনাটো তাত উপস্থিত থকা আন এজন পৰ্যটকে তেওঁৰ কেমেৰাত বন্দী কৰিছিল। উদটোৱে ম'বাইলটো উলিয়াই দিয়াৰ লগে লগে মানুহে হাতচাপৰি দি প্ৰশংসা কৰে। জু-কিপাৰেও পুৰস্কাৰ হিচাপে উদটোক অতিৰিক্ত মাছ দিয়ে। পিছত ম'বাইলটো ঘূৰাই দিয়া উদটোলৈ উপহাৰ প্ৰেৰণ কৰিছিল মহিলাগৰাকীয়ে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|