• Home
  • »
  • News
  • »
  • world
  • »
  • পত্নী আৰু তিনি সন্তানক গাড়ীত ভৰাই জীৱন্তে জ্বলাই দিলে প্ৰাক্তন খেলুৱৈয়ে, তাৰ পিছত শেষ কৰিলে নিজকে

পত্নী আৰু তিনি সন্তানক গাড়ীত ভৰাই জীৱন্তে জ্বলাই দিলে প্ৰাক্তন খেলুৱৈয়ে, তাৰ পিছত শেষ কৰিলে নিজকে

স্থানীয় লোকসকলে গাড়ীৰ ভিতৰৰ পৰা হেনা আৰু শিশুকেইটাক উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰোৱায় যদিও হাস্পতালত মৃত্যু হয় আটাইকেইজনৰ।

  • Share this:
অষ্ট্ৰেলিয়াৰ ব্ৰিছবেনত বুধবাৰে এগৰাকী প্ৰাক্তন খেলুৱৈয়ে জীৱন্তে জ্বলাই দিলে নিজ পত্নী আৰু তিনি সন্তানক। ৰাগবী খেলুৱৈ ৰোভান বেক্সটাৰে পত্নী আৰু তিনি সন্তানক হত্যা কৰি নিজেও বাচি লয় আত্মহননৰ পথ।

ব্ৰিছবেনৰ কেম্প হিল অঞ্চলত পুৱা প্ৰায় ৮.৩০ বজাত এক বিস্ফোৰণৰ পিছত হঠাৎ মানুহৰ চিঞৰ শুনা গৈছিল। স্থানীয় লোক বাহিৰলৈ ওলাই আহি দেখে যে ৰোভানৰ পত্নী হেনা আৰু তিনি সন্তান ক্ৰমে ৬ বছৰীয়া লায়না, চাৰি বছৰীয়া আলিয়া আৰু তিনি বছৰীয়া ট্ৰে জ্বলি থকা গাড়ীৰ ভিতৰত আবদ্ধ হৈ আছে। গাড়ীখনৰ সন্মুখৰ ফালে পৰি আছিল ৰোভানৰ মৃতদেহ। ৰোভানৰ দেহত আছিল চোকা অস্ত্ৰৰ আঘাত।

স্থানীয় লোকসকলে গাড়ীৰ ভিতৰৰ পৰা হেনা আৰু শিশুকেইটাক উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰোৱায় যদিও হাস্পতালত মৃত্যু হয় আটাইকেইজনৰ। উল্লেখযোগ্য যে বিগত বৰ্ষত পত্নীৰ সৈতে বিচ্ছেদ ঘটিছিল ৰোভানৰ। তাৰ পিছৰে পৰা সন্তানক লৈ চলিছিল গোচৰ। ৰোভানে অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় দলৰ লগতে এনবিএলত নিউজীলেণ্ড ৱাৰিয়ৰৰ হৈ খেলিছিল।
Published by:Sanjay Kumar Das
First published: