ওছামা বিন লাডেনৰ পুত্ৰ হামজাৰ মৃত্যু – দাবী আমেৰিকাৰ চোৰাংচোৱা সংস্থাৰ

হামজা বিন লাডেনৰ মৃত্যুৰ তাৰিখ বা স্থান প্ৰকাশ কৰা নাই সংস্থাটোৱে। হামজাৰ মৃত্যুত আমেৰিকাৰ হাত আছেনে নাই সেয়াও স্পষ্ট হোৱা নাই।

News18-Assam
Updated:August 1, 2019, 9:41 AM IST
ওছামা বিন লাডেনৰ পুত্ৰ হামজাৰ মৃত্যু – দাবী আমেৰিকাৰ চোৰাংচোৱা সংস্থাৰ
হামজা বিন লাডেনৰ মৃত্যুৰ তাৰিখ বা স্থান প্ৰকাশ কৰা নাই সংস্থাটোৱে। হামজাৰ মৃত্যুত আমেৰিকাৰ হাত আছেনে নাই সেয়াও স্পষ্ট হোৱা নাই।
News18-Assam
Updated: August 1, 2019, 9:41 AM IST
আমেৰিকাৰ চোৰাংচোৱা সংস্থাই দাবী কৰিছে যে অল কায়দাৰ প্ৰতিষ্ঠাপক তথা দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী ওছামা বিন লাডেনৰ পুত্ৰ হামজাৰ মৃত্যু হৈছে। হামজা বিন লাডেনৰ মৃত্যুৰ তাৰিখ বা স্থান প্ৰকাশ কৰা নাই সংস্থাটোৱে। হামজাৰ মৃত্যুত আমেৰিকাৰ হাত আছেনে নাই সেয়াও স্পষ্ট হোৱা নাই। ২০১৫ চনত লাডেন পুত্ৰ হামজাই আমেৰিকাক ধমক দিছিল যে পিতৃক হত্যাৰ প্ৰতিশোধ ল’বলৈ আমেৰিকাৰ ওপৰত আক্ৰমণ কৰিব। তাৰ পিছতে হামজাৰ ঠিকনা বিচাৰি ১ মিলিয়ন ডলাৰৰ পুৰস্কাৰ ঘোষণা কৰিছিল আমেৰিকাই। ৩০ বছৰীয়া হামজা বিন লাডেনে আমেৰিকা আৰু অন্য দেশৰ ওপৰত আক্ৰমণৰ বাবে অডিঅ’ আৰু ভিডিঅ’ বাৰ্তা প্ৰকাশ কৰিছিল।

BBCৰ পিৰ’ৰ্ট অনুসৰি হামজাৰ মৃত্যুৰ বাতৰি প্ৰথমে এনবিচি আৰু নিউয়ৰ্ক টাইমছে প্ৰকাশ কৰিছিল। বুধবাৰে হোৱাইট হাউছত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক এই সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰাত কয় – মই এই বিষয়ত মন্তব্য কৰিব নিবিচাৰো।

২০১১ চনৰ ২ মে’ত পাকিস্তাৰ এবটাবাদত আমেৰিকাৰ ছীল কমাণ্ডোৱে হত্যা কৰিছিল ওছামা বিন লাডেনক। তাৰ পিছতে আমেৰিকাৰ ওপৰত আক্ৰমণৰ পণ লৈছিল হামজাই। হামজা বিন লাডেনে পিতৃক হত্যা কৰাৰ প্ৰতিশোধ ল’বলৈ জেহাদী গোটক আহ্বান জনাইছিল। চৌদি আৰবে মাৰ্চ মাহত নাগৰিকত্ব কৰ্তন কৰিছিল হামজাৰ।

২০১৭ চনত হামজাক আমেৰিকাৰ গৃহ মন্ত্ৰণালয়ে বিশ্ব সন্ত্ৰাসবাদী ঘোষণা কৰিছিল। লগতে হামজাৰ মূৰৰ দাম হিচাপে ১০ লাখ ডলাৰৰ পুৰস্কাৰ ঘোষণা কৰিছিল আমেৰিকাই। আমেৰিকাৰ পিছত সংযুক্ত ৰাষ্ট্ৰ সুৰক্ষা পৰিষদ (UNSC)–এ ২০১৯ চনৰ মাৰ্চত হামজাৰ নাম নিষিদ্ধঘোষিত সন্ত্ৰাসবাদীৰ তালিকাত অন্তৰ্ভুক্ত কৰিছিল আৰু তেওঁক গ্ৰেপ্তাৰৰ বাবে নতুন ইণ্টাৰপল নটিছ জাৰি কৰিছিল। এই জাননীৰ পিছতে হামজাৰ সকলো সম্পত্তি জব্দ কৰা হৈছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি